ডিফুঃ
আজি কাৰবি আংলং জিলাৰ ডিফুৰ সমীপৱৰ্তী বৰলাংফেৰত সন্দেহযুক্ত হেৰইন সহ এজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ আজি এক গোপন সূত্ৰৰ পম খেদি মাঞ্জা, বৰলাংফেৰ আৰু ডিফু নগৰ আৰক্ষী চকীৰ অধীনত নাকা তালাচী চলোৱা হয় ৷
সেই মৰ্মে আজি ১-৩০ বজাত বৰলাংফেৰ থানা এলেকাৰ নাকা তালাচীকালত AS01BV 9080 KWID গাড়ীখনত তালাচী চলাই ৫৮ টা চাবোনৰ বাকচত ৭৪১ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় লগতে উত্তৰ ত্ৰিপুৰাৰ ধৰ্ম নগৰ ধুপিৰবন্দৰ আব্দুল জব্বৰৰ পুত্ৰ আলতাব উদ্দিন নামৰ সৰবৰাহকাৰীক আটক কৰে ৷ সম্পূৰ্ণ অভিযানটোত কাৰবি আংলং জিলাৰ আৰক্ষী উপাধ্যক্ষ (মুখ্য) নাহিদ কৰিশ্মাৰ নেতৃত্বত, মাঞ্জা থানা, বৰলাংফেৰ থানা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে সহযোগ কৰে ৷