![]()
নিউজ ডেস্কঃ
কৰোনা সংক্রমণত প্রতি ৩ মিনিটত ১ জনৰ মৃত্যু হৈছে মহাৰাষ্ট্রত। বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রৰ স্বাস্থ্য বিভাগে কৰোনা সংক্রান্ত যি পৰিসংখ্যা প্রকাশ কৰিছে, তাক বিশ্লেষণ কৰি এই ভয়ানক ছবি দেখা গৈছে। কেৱল সেয়াই নহয়, এই তথ্যই কৈছে যে মহাৰাষ্ট্রত প্রতি ১ মিনিটত কৰোনা ভাইৰাছত আক্রান্ত হৈছে ২ হাজাৰ ৮৫৯ জন। দেশজুৰি কৰোনা সংক্রমণৰ দ্বিতীয় ঢৌৰ ফলত মহাৰাষ্ট্রতেই সংক্রমণৰ সংখ্যা সকলোতকৈ বেছি। সোমবাৰৰ এই পৰিসংখ্যা আৰু তাৰ বিশ্লেষণৰ ফলত স্বাভাৱিকতে উদ্বেগ বঢ়াইছে প্রশাসনৰ।










