নিউজ ডেক্স:
ক’ৰোনা পৰিস্থিতি সন্দৰ্ভত এইবাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে। বর্তমান এই কোভিড পৰিস্থিতিক ‘অভূতপূর্ব জৰৰুৰী অৱস্থা’ বুলি অভিহিত কৰিছে প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে। আৰু এই পৰিস্থিতি মোকাবিলাযৰ বাবে দ্রুততাৰে টীকাকৰণ কৰাৰ পৰামর্শ দিয়ে তেওঁ। মুঠ ৫টা পৰামর্শ দিছে মনমোহন সিঙে।
১) যদি নির্দিষ্ট সময়ৰ ভিতৰত এক নির্দিষ্ট সংখ্যক মানুহক টীকা দিয়াৰ পৰিকল্পনা থাকিলে আগতেই পর্যাপ্ত অর্ডাৰ দিয়া উচিত। যাতে প্রস্তুতকাৰী কোম্পানীয়ে সৰবৰাহৰ বাবে এক সন্মত সময়সূচী মানি চলিব পাৰে। আগন্তুক ছমাহৰ বাবে কোম্পানীবোৰক কিমান পৰিমাণৰ ভেকচিনৰ অর্ডাৰ দিয়া হৈছে, সেয়া ৰাইজৰ মাজলৈ অনা উচিত বুলিও মন্তব্য কৰে তেওঁ।
২) জৰুৰী ভিত্তিত টীকাকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে ১০ শতাংশ লক্ষ্যমাত্রা ধার্য কৰিব পাৰে। অৱশ্যে একে সময়তে ৰাজ্যবোৰৰ চাহিদাৰ কথাও মনত ৰখা উচিত। ৰাজ্যৰ সুবিধার্থে আগন্তুক দিনত তেওঁলোকে সঠিক কিমান পৰিমাণৰ ভেকচিন পাব, সেইটোও তেওঁলোকক জনোৱা উচিত।
৩) ফ্রন্টলাইন ৱর্কাৰ তথা যিসকলৰ বয়স ৪৫ বছৰৰ কম, তেওঁলোককো টীকাকৰণ কৰোৱাৰ পৰামর্শ দিয়ে তেওঁ। ইয়াৰ লগতে স্কুল শিক্ষক, টেক্সিচালক, বাছচালক, অটোচালক, ৰিক্সাচালক, পঞ্চায়ত কর্মচাৰী, পৌৰসভাৰ কর্মচাৰী, অধিবক্তাসকলকো টীকাকৰণৰ অধীনলৈ অনাৰ কথা কয় মনমোহন সিঙে।
৪) জনস্বাস্থ্যৰ এই জৰুৰী অৱস্থাৰ মাজত ভেকচিন প্রস্তুতকাৰী কোম্পানীৰ যথেষ্ট পৰিমাণত পুঁজি আৰু অন্যান্য ৰেহাইৰ মাধ্যমেৰে তেওঁলোকক উৎপাদনৰ সুবিধাবোৰ প্ৰদানৰ কথা চিঠিত উল্লেখ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এইচআইভি / এইডছৰ কথা উল্লেখ কৰি প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে লিখিছে, লাইছেন্সিং নীতিৰ ক্ষেত্রতো বিশেষ সংযোজনৰ প্রয়োজন। যাতে বহু কেইটা কোম্পানীয়ে লাইছেন্সৰ অধীনত ভেকচিন প্ৰস্তুত কৰিবলৈ সক্ষম হয়।
৫) ভাৰতত ক’ৰোনাৰ আক্ৰমণ ৰুধিবলৈ বিদেশত তৈয়াৰী ভেকচিনবোৰকো অনুমতি-পত্র দিয়াৰ কথা কৈছে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে।
ক’ৰোনাৰ এই ভয়াৱহ আক্ৰমণৰ পৰা দেশক বচাবলৈ তেওঁৰ এই পৰামর্শৰ ওপৰত কেন্দ্রীয় চৰকাৰে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে মনমোহন সিঙে।










