নিউজ ডেক্স:
অক্সিজেন এক্সপ্রেছেই ভৰসা! সমগ্ৰ দেশত লেকামহীনভাবে বাঢ়িছে কোভিড। ঘাটি সৃষ্টি হৈছে হস্পিটেলৰ বিছনা, অক্সিজেন আৰু ঔষধৰ। এইবাৰ সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল ভাৰতীয় ৰে’লৱে। ৰে’লেৰেই এইবাৰ বিভিন্ন ৰাজ্যত অক্সিজেন চিলিণ্ডাৰ আৰু তৰল অক্সিজেনৰ টেঙ্ক প্ৰেৰণ কৰা হ’ব।
দ্রুততাৰে সৰবৰাহৰ বাবে গ্রিন কৰিডোৰ সৃষ্টি কৰা হ’ব। অর্থাৎ কোনো ষ্টেচন বা ক্রচিঙত নৰখাকৈয়েই গন্তব্য স্থানত উপনীত হ’ব পাৰিব এই অক্সিজেন এক্সপ্রেছ।
ৰে’লেৰে অক্সিজেন যোগানৰ খবৰ টুইট কৰিছে কেন্দ্রীয় ৰে’লমন্ত্রী পীযূষ গোৱেলে। তেওঁ লিখিছে, ‘কোভিডৰ বিৰুদ্ধে যুদ্ধত সকলো চেষ্টাই কৰিব বিচাৰে ৰে’ল বিভাগে। ৰোগীসকলক তুৰন্তে অক্সিজেন প্ৰদান কৰিবলৈ আমি গ্রিন কৰিডোৰৰ মাধ্যমেৰে অক্সিজেন এক্সপ্রেছ চলাম।’
অন্য এটি টুইটত ৰে’লমন্ত্রীয়ে জনায় যে, ৰে’লৰ ভিতৰতেই আইছ’লেচন বেডৰ ব্যৱস্থা কৰিছে ৰে’ল মন্ত্ৰালয়ে। ৰাজ্যৰ চাহিদা অনুযায়ী ৩ লক্ষ আইছ’লেচন বেডৰ ব্যৱস্থা হ’ব পাৰে ৰে’লত।
গোৱেলে দাঙি ধৰা পৰিসংখ্যা অনুসৰি, দিল্লীৰ শকুৰ বস্তি ষ্টেচনত ৫০টা দবা আইছ’লেচন চেণ্টাৰলৈ পৰিণত কৰা হৈছে। তাত ৮০০খন বিছনা আছে। আনন্দ বিহাৰ ষ্টেচনতো ২৫টা দবা আইছ’লেচন চেণ্টাৰ হিচাবে প্রস্তুত ৰখা হৈছে।









