নিউজ ডেক্স:
কোভিড সংক্রমণ উদ্বেগজনকভাবে বৃদ্ধি পোৱাত ১৯ এপ্রিল, সোমবাৰৰ পৰা ১৫ দিনৰ লকডাউন ঘোষণা কৰিছে ৰাজস্থান চৰকাৰে। অর্থাৎ অহা ৩ মে’ পর্যন্ত লকডাউন চলিব মৰু ৰাজ্যখনত।
ৰাজস্থান চৰকাৰৰ এটি নির্দেশনাত জনোৱা হৈছে, ১৯ এপ্রিলৰ পুৱা ৫টাৰ পৰা ৩ মে’ পুৱা ৫টা পর্যন্ত লকডাউন চলিব। সংক্রমণৰ দ্বিতীয় ঢৌ ৰুধিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে অশোক গেহলট চৰকাৰে। লকডাউন চলি থকা অৱস্থাত ৩ মে’ পর্যন্ত ৰাজস্থানৰ সকলো কাৰ্যালয় আৰু বজাৰ আদি বন্ধ থাকিব বুলিও জনোৱা হৈছে।
এই ১৫ দিনত কেৱল জৰুৰী সেৱাৰ সৈতে জড়িত দোকান আৰু কাৰ্যালয় খোলা থাকিব। সন্ধ্যা ৭টা পর্যন্ত পাচলি আৰু ফল বিক্ৰী কৰিব পাৰিব।
ৰাজস্থানত সকলো শিক্ষা প্রতিষ্ঠান, কোচিং চেণ্টাৰ, চিনেমা হল, মাল্টিপ্লেক্স আৰু বিনোদন পার্ক বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে। ইয়াৰ উপৰি কোনো ৰাজ্যৰ পৰা ৰাজস্থানত প্ৰৱেশ কৰিবলৈ হ’লে কোভিড নেগেটিভ ৰিপোর্ট লগত লৈ যাব লাগিব বুলি জনোৱা হৈছে।










