নিউজ ডেক্স:
ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌত বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোভিডত আক্রান্ত হৈছে ২ লক্ষ ৭৩ হাজাৰ ৮১০ জন। এটা দিনত দেশত আক্রান্তৰ হিচাবত এই সংখ্যা এই পৰ্যন্ত সর্বোচ্চ। আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ১ হাজাৰ ৬১৯ জনৰ। এটা দিনত মৃত্যুৰ হিচাবত সমগ্র কৰোনাকালত যিটো সর্বোচ্চ।
আনহাতে, দেশত মুঠ আক্রান্তৰ সংখ্যাই ডেৰ কোটি অতিক্ৰম কৰিলে। এই ক্ষেত্ৰত বিশ্বত আমেৰিকাৰ ঠিক পিছতেই আছে ভাৰত। মুঠ মৃত্যুও দেশত ১ লক্ষ ৭৮ হাজাৰ পাৰ কৰিছে।
এই সংক্রমণ বৃদ্ধিৰ ফলত দেশত বাঢ়িছে সক্রিয় ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত সক্রিয় ৰোগী বাঢ়িছে ১ লক্ষ ২৮ হাজাৰ ১৩ জন। এই মুহূর্তত দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা হৈছে ১৯ লক্ষ ২৯ হাজাৰ ৩২৯ জন।









