![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশত পুনৰ নাৰী নির্যাতনৰ ঘটনা। বুলন্দচহৰৰ এগৰাকী মহিলাক স্বামীৰ সহায়তেই গণধর্ষণৰ অভিযোগ উঠিল তেওঁৰ বন্ধুসকলৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, নির্যাতিতাৰ ছবিও ছচিয়েল মিডিয়াত বিয়পাই দিয়া বুলি অভিযোগ।
আৰক্ষী সূত্র মতে, ঘটনাটি প্রায় আঠ মাহ আগৰ। মহিলাগৰাকীৰ অভিযোগ, সেই সময়ত স্বামীৰ দুই বন্ধুৱে তেওঁক টোপনিৰ ঔষধ মিহলোৱা পানীয় খুৱাই অচেতন কৰি গণধর্ষণ কৰে। সেই সময়ত নির্যাতিতাৰ ছবিও তুলি ৰখা হয়। আৰু সেই ছবি ছচিয়েল মিডিয়াত বিয়পাই দিয়াৰ ভয় দেখুৱাই দিনৰ পিছত দিন চলাই থাকে গণধর্ষণ। মহিলাগৰাকীয়ে মুখলজ্জাত সহ্য কৰি যায় সকলো। সম্প্রতি নির্যাতিতা মহিলাগৰাকীৰ আপত্তিকৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে অভিযুক্তই।
ইয়াৰ পিছত আৰক্ষীৰ দ্বাৰস্থ হয় মহিলাগৰাকী। অভিযোগ লাভ কৰি আৰক্ষীয়ে নির্যাতিতাৰ স্বামী আৰু তেওঁৰ দুই বন্ধুক গ্রেপ্তাৰ কৰে। মহিলাগৰাকীৰ স্বামীয়ে এটি ব্যক্তিগত কোম্পানীত কাম কৰে। নিজৰ বন্ধুসকলৰ সৈতে ঘৰত মদৰ আড্ডা পাতে। তালৈ দুই মূল অভিযুক্ত বাবলু আৰু ৰাকেশ নামৰ দুই বন্ধুও আহিছিল। কেইমাহমানৰ আগতে উক্ত দুই অভিযুক্ত আহি ঠাণ্ডা পানীয় দিয়ে নির্যাতিতাক। আৰু সেয়া খায়েই সংজ্ঞাহীন হয় মহিলাগৰাকী। তেতিয়াই তেওঁক গণধর্ষণ কৰা হয় আৰু ছবি তুলি ৰখা হয়। স্বামীক সেই কথা জনোৱাত স্বামীয়েও তেওঁক মাৰধৰ কৰি থাকে বুলি অভিযোগ। কিন্তু সম্প্রতি ছচিয়েল মিডিয়াত নিজৰ সেই ছবি দেখা পায় নির্যাতিতাই। ইয়াৰ পিছতেই আৰক্ষীক অভিযোগ জনায় তেওঁ। আৰক্ষীয়ে তিনিওজনকেই গ্রেপ্তাৰ কৰে।










