![]()
নিউজ ডেস্কঃ
ষ্টেট বেংক অব ইণ্ডিয়া (এছবিআই)সহ দেশৰ কেইবাটাও বেংকে গ্রাহকসকলৰ জিৰো বেলেন্স একাউন্টৰ পৰা জৰিমনা হিচাবে কোটি কোটি টকা সংগ্ৰহ কৰিছে। দুখীয়া লোকসকলৰ বাবে বেচিক ছেভিংছ বেংক ডিপোজিট একাউন্ট (বিএছবিডিএ) বা জিৰো বেলেন্স একাউন্ট খোলা হয়। কিন্তু একাউন্টবোৰৰ পৰাই জৰিমনাৰ বাবদ কেৱল এছবিআইয়ে বিগত ৫ বছৰত প্রায় ৩০০ কোটি টকা সংগ্ৰহ কৰিছে বুলি আইআইটি বম্বেৰ (IIT-Bombay) এক গৱেষণাত দাবী কৰা হৈছে।
গৱেষণাত জনোৱা হৈছে, কোনো একাউন্টৰ পৰা ৪ বাৰৰ বেছি টকা তুলিলেই প্রতিবাৰে ১৭.৭০ টকা জৰিমনাৰ বাবদ কাটি লোৱা হৈছে। গ্ৰাহকসকলে যিটো মুঠেই যুক্তিযুক্ত বুলি নাভাবে। এনে প্রায় ১২ কোটি বেংক একাউন্টৰ পৰা এই বিপুল পৰিমাণৰ টকা জৰিমনাৰ বাবদ তুলিছে এছবিআইৰ দৰে বেংকবোৰে। আৰু এই ধন তোলা হৈছে ২০১৫ৰ পৰা ২০২০ চনৰ ভিতৰত। কেৱল এছবিআইয়ে নহয় পঞ্জাব নেচনেল বেংকে এনে ৩ কোটি ৯০ লক্ষ জিৰো বেলেন্স একাউন্টৰ পৰা এই কেইবছৰত তুলিছে প্রায় ৯ কোটি ৯০ লক্ষ টকা।
এই জৰিমনা সন্দৰ্ভত ৰিজার্ভ বেংক অব ইণ্ডিয়াৰ ভূমিকাক লৈও প্রশ্ন তোলা হৈছে। ২০১৩ চনৰ ছেপ্টেম্বৰত এই জিৰো বেলেন্স একাউন্ট সন্দৰ্ভত গাইডলাইন সৃষ্টি কৰে আৰবিআইয়ে। তাত মাহত চাৰিবাৰৰ বেছি টকা তুলিলেও একেই হাৰত জৰিমনা নোলোৱাৰ কথা কোৱা হয়। কিন্তু সেয়া সকলো ক্ষেত্রতে মানা হোৱা নাই। আৰু গাইডলাইন ঠিকমতে মানিছেনে নাই সেই বিষয়ত পৰ্য্যবেক্ষণ কৰাৰ ক্ষেত্রতো আৰবিআইৰ ভূমিকাক লৈ প্রশ্ন তোলা হৈছে। লগতে পৰ্যবেক্ষণৰ ক্ষেত্রত আৰবিআইৰ এই গা এৰা মনোভাবৰ বাবেই বেংকবোৰে যথেষ্ট খেলিমেলি কৰা বুলি বলে মত প্রকাশ কৰা হৈছে গৱেষণাটোত।










