![]()
নিউজ ডেস্কঃ
তাজমহলৰ ভিতৰত প্রবেশৰ বাবে এতিয়াৰ পৰা আপুনি কৰিব লাগিব টিকটৰ আগতীয়া বুকিং। পূৰ্বতে এই টিকট তাজমহল চৌহদতে পোৱা গৈছিল। লগতে পর্যটকসকলৰ প্রবেশৰ সীমা ৪০ হাজাৰত সীমাবদ্ধ কৰাৰ কথা ভাবিছে পর্যটন বিভাগে। পূর্বৱর্তী সময়ত ৬০ৰ পৰা ৭০ হাজাৰ পর্যটকে ছুটিৰ দিনত তাজমহললৈ যাব পাৰিছিল, কিন্তু যোৱা ২৮ ডিচেম্বৰত তাজমহলৰ অভ্যন্তৰত সোমোৱাৰ সময়ত ৫ জন আহত হোৱাৰ পিছত পর্যটন বিভাগে এই নিয়ম কার্যকৰী কৰিছে।










