নগাঁওঃ
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰধান সচিবে কোভিড-১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ৰঙালী বিহুৰ লগতে বিভিন্ন উৎসৱ উদযাপনৰ ক্ষেত্ৰত জাৰি কৰা কেতবোৰ নীতি-নিৰ্দেশনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।
আনহাতে বিহু উদযাপনৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ এই নীতি-নিৰ্দেশনাৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ জিলা দণ্ডাধীশে কেতবোৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে। এই অনুসৰি বিহু উদযাপন সমিতি সমূহে বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগতীয়াকৈ তেওঁলোকৰ অনুষ্ঠানত আনুমানিক কিমান সংখ্যক দৰ্শক উপস্থিতি থাকিব, সেই বিষয়ে সবিশেষ জনাই জিলা প্ৰশাসনৰ পৰা অনুমতি লব লাগিব। নিশা ১১ বজাৰ পূৰ্বে বিহু অনুষ্ঠান সমূহ সমাপ্ত কৰাটো বাধ্যতামূলক।
বিহু উদযাপন সমিতিৰ সমূহ সদস্যই তেওঁলোকৰ নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠান আৰম্ভ হোৱাৰ ৩ দিন পূৰ্বে আৰু অনুষ্ঠান সমাপ্তিৰ ৩ দিনৰ পাছত কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। আনহাতে বিহু অনুষ্ঠান অনুষ্ঠিত কৰা স্থান আহল-বহল হোৱাৰ লগতে সকলো ফালৰ পৰা মুক্ত হব লাগিব, যাতে দৰ্শক সকলে সামাজিক দূৰত্ব বর্তাই চলিব পাৰে। অনুষ্ঠানৰ প্ৰৱেশ আৰু প্ৰস্থানৰ পথ কেবাটাও হোৱাৰ লগতে পৃথক পৃথক হব লাগিব যাতে কোনো পৰিস্থিতিতে হেঁচা-ঠেলাৰ সৃষ্টি নহয়।
প্ৰতিজন দৰ্শক আৰু অনুষ্ঠানত অংশগ্ৰহণকাৰীৰ শাৰীৰিক উষ্ণতা পৰীক্ষা কৰাটো বাধ্যতামূলক । যদিহে কোনো ব্যক্তিৰ শাৰীৰিক উষ্ণতা অধিক পোৱা যায় তেন্তে তেওঁক কোভিড টেষ্ট কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে অনুষ্ঠানত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিব লাগিব। দৰ্শকৰ দৃষ্টিগোচৰ হোৱাকৈ কোভিডৰ নীতি নিৰ্দেশনা সমূহৰ ব্যৱস্থা কৰিব লাগিব। বিহু অনুষ্ঠান সমূহত সামাজিক দূৰত্ব বজাই ৰাখি দৰ্শকৰ আসনৰ ব্যৱস্থা কৰিব লাগিব।
উদযাপন সমিতিৰ স্বেচ্ছাসেৱক সকলে সমূহ দৰ্শকক সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ নিৰ্দেশনা দি থাকিব লাগিব। সকলো লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । দৰ্শকৰ প্ৰবেশৰ আগত আৰু প্ৰস্থানৰ পাছত দিনে দুবাৰকৈ অনুষ্ঠান স্থলীত চেনিটাৰাইজেচনৰ ব্যৱস্থা কৰিব লাগিব। উদযাপন সমিতিয়ে অনুষ্ঠান আয়োজন কৰোতে কোভিড-১৯ সম্পৰ্কত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমৰ যোগে বহুল প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগিব।
উদযাপন সমিতিয়ে সকলো লোককে কোভিডৰ ভেকচিন লোৱাৰ বাবে উৎসাহিত কৰাৰ লগতে সকলোৱে যাতে কোভিড-১৯ৰ প্ৰট’কল মানি চলে তাৰ বাবে অনুষ্ঠান স্থলীত সজাগতামূলক পোষ্টাৰ, বেনাৰৰ ব্যৱস্থা কৰিব লাগিব।
উল্লেখ্য কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনে ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত আৰোপ কৰা এনে নীতি-নিৰ্দেশনা সঠিকভাৱে পালন কৰাৰ ক্ষেত্ৰত নগাঁও জিলাৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি সমূহ কিমান খিনি সফল হব তাক লৈ সচেতন মহলত চৰ্চা চলিছে ।
আনহাতে গৰিষ্ঠসংখ্যক বিহু উদযাপন সমিতিয়ে এনে কঠোৰ নীতি নিৰ্দেশনা অনুসৰণ কৰি ৰাজহুৱাভাৱে বিহু উদযাপন কৰা কঠিন হব বুলি মত ব্যক্ত কৰাৰ লগতে বিহু উৎসৱৰ উছাহ-উদ্দীপনা ম্লান পৰিব বুলিও জনায়।