![]()
নিউজ ডেস্কঃ
কৰোনাৰ ক্রমবর্ধমান সংক্রমণক লৈ সমগ্ৰ দেশ উদ্বিগ্ন হৈ থকাৰ সময়তে উত্তৰাখণ্ডৰ হৰিদ্বাৰত কুম্ভমেলাত দেখা গ’ল বিপৰীত ছবি। হাজাৰ লোক তাত পুণ্যস্নানৰ বাবে উপস্থিত হৈছে। ফলত কোভিড বিধি প্রায় ধোঁৱাচাঙত উঠিছে।
স্থানীয় সূত্র মতে, সামাজিক দূৰত্বতো দূৰৈৰ কথা বহু তীৰ্থযাত্ৰীৰ মুখত মাস্ক পর্যন্ত নাই। দেশত কৰোনা সংক্ৰমণ হোৰাহোৰে বৃদ্ধিৰ পৰিস্থিতিত কুম্ভমেলাৰ এই সমাবেশত উদ্বেগ প্রকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে। বহুতৰ দাবী, স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড বাধা-নিষেধক যেন ‘প্রহসন’ত পৰিণত কৰা হৈছে তাত। লক্ষ লক্ষ তীৰ্থযাত্ৰীয়ে সামাজিক দূৰত্ব অগ্রাহ্য কৰি, মাস্ক নিপিন্ধাকৈ ঠেলা-হেঁচাকৈ গঙ্গাৰ তীৰত উপস্থিত হৈছে। অৱশ্যে তীৰ্থযাত্ৰীসকলৰ বহুতৰ দাবী, কোভিডক লৈ তেওঁলোক উদ্বিগ্ন নহয়। কাৰণ উত্তৰাখণ্ডত প্ৰৱেশ কৰিবলৈ হ’লে তীৰ্থযাত্ৰীসকলৰ কোভিড নেগেটিভ হ’বই লাগিব বুলি নির্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে।

অৱশ্যে গঙ্গাৰ সকলো ঘাটতে কোভিড বিধি মানি চলাৰ নির্দেশনা জাৰি কৰিছে প্রশাসনে। স্বাস্থ্য বিশেষজ্ঞসকলে বৃহৎ সমাবেশ এৰাই চলিবলৈ আহ্বান জনাইছে। কিন্তু তীৰ্থযাত্ৰীসকলৰ বহুতেই কৈছে, বাস্তৱত এইটো সম্ভৱ নহয়। মেলাৰ দায়িত্বত থকা আৰক্ষী বিষয়া এছ কে গুঞ্জলে জনাইছে, ভিৰ নিয়ন্ত্রণ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান। কিন্তু কোভিড বিধি যাতে কঠোৰভাবে মানি চলা হয়, সেই দিশত নজৰ ৰখা হৈছে।
উল্লেখ্য, হৰিদ্বাৰত বিগত ২৪ ঘণ্টাত ৩৬৮ জন নতুনকৈ কৰোনাত আক্রান্ত হৈছে। চহৰত সক্রিয় ৰোগীৰ সংখ্যা আৰু দৈনিক সংক্রমণ এসপ্তাহৰ ভিতৰত ১০০ শতাংশ বাঢ়িছে।










