![]()
নিউজ ডেস্কঃ
উত্তপ্ত হৈ উঠিছে ৰাজস্থানৰ বাৰান জিলাৰ ছাবৰা চহৰ। দুই যুৱকক ঘপিয়াই হত্যা কৰাৰ পিছত ছাবৰা চহৰজুৰি উত্তেজনা বিয়পি পৰে। বহু কেইখন দোকান ভাঙি চূৰ্ণ বিচূৰ্ণ কৰা হয়। পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ কাৰফিউ জাৰি কৰা হয়। ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়।
দুই সম্প্রদায়ৰ উত্তেজিত নাগৰিকে লোহার ৰড লৈ মুখোমুখী হয়। আগ্নেয়াস্ত্র লৈয়ো আহে বহু লোক। দেওবাৰে সন্ধিয়া পর্যন্ত পৰিস্থিতি উত্তপ্ত হৈ থাকে। উত্তেজিত জনতাই আৰক্ষীৰ গাড়ীও ভাঙে। জনসাধাৰণৰ সম্পত্তি ক্ষতিগ্রস্ত কৰা বুলিও অভিযোগ।

পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ ৰাজস্থানৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ৰাস্তাত নামিছে। ডিআইজি ৰবি গৌৰৰ নেতৃত্বত পৰিস্থিতি নিয়ন্ত্রণলৈ অনাৰ চেষ্টা কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে জনাইছে, এটা দল চহৰৰ বজাৰবোৰত ঘূৰি ফুৰিছে। সকলো দোকান বন্ধ কৰাৰ ভাবুকি দিছে ব্যৱসায়ীসকলক। বেচৰকাৰী বাছ, গাড়ী আৰু অন্যান্য যান-বাহনত জুই লগাই দিছে উত্তেজিত জনতাই।
পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ ছাবৰা চহৰত কাৰফিউ জাৰি কৰা হৈছে। মঙ্গলবাৰ পর্যন্ত ইন্টাৰনেট সেৱা বন্ধ ৰখা বুলি জানিব পৰা গৈছে।










