নিউজ ডেক্স:
প্রকৃতিৰ ৰোষ যেন কমা নাই ইন্দোনেছিয়াত। বানপানীৰ পিছত এইবাৰ ভূমিকম্পৰ কবলত পৰিল দেশখন। মৃত ৮জন বুলি সেই দেশৰ ফালৰপৰা জনোৱা হৈছে ৷
ট্ৰপিকেল ছাইক্ল’ন ছেৰোজাৰ পিছত এইবাৰ ভূমিকম্প ইন্দোনেছিয়াত। এটা এই সপ্তাহের দ্বিতীয় বিপর্যয়। বিপুল বৃষ্টিৰ ফলত সেই ঠাইত মৃত্যু হৈছে ১৭৪ জন লোকৰ। এতিয়াও নিখোজ হৈ আছে ৪৮ জন লোক। এইবাৰ ভূমিকম্পৰ ফলত মৃত্যু হৈছে ৮ জন লোকৰ। আহত অসংখ্য।
মাৰ্কিন জিঅ’লজিকেল ছাৰ্ভেয়ে জনাইছে, এইটো ৬.০ মেগনিটিউডৰ ভূমিকম্প আছিল। শনিবাৰে দুপৰীয়া এই দুৰ্যোগটো ঘটিছিল।
ইন্দোনেছিয়াৰ আৰ্থকোৱেক এণ্ড চুনামী চেন্টাৰৰ অধিকর্তা ৰেহমত ট্ৰায়’ন’ই জনাইছে, এই ভূমিকম্পই অৱশ্য কোনো চুনামীৰ জন্ম নিদিয়ে ৷










