![]()
নিউজ ডেস্কঃ
বজাৰত কোভিড টীকাৰ ঘাটিৰ বাবে দেশজুৰি সমালোচনাৰ মুখত পৰা পুণেৰ চেৰাম ইনষ্টিটিউটসহ উৎপাদক কোম্পানীবোৰৰ কাষত থিয় দিলে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছ (এইমছ)ৰ প্রধান চিকিৎসক ৰণদীপ গুলেৰিয়া। শুক্রবাৰে ৰণদীপে কয়, ‘‘টীকা উৎপাদনৰ কামটো ঠিক ৰকেট উৎক্ষেপণৰ দৰে নহয়। আগৰ পৰাই সকলোবোৰ নির্ধাৰণ কৰি ৰখা নাযায়।’’
উল্লেখ্য, দুদিন পূৰ্বে কোভিশিল্ড টীকাৰ প্রস্তুতকাৰক কোম্পানী চিৰাম ইনষ্টিটিউটৰ চিইও আদৰ পুণাৱালাই জনাইছিল, টীকাৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু ৩ হাজাৰ কোটি টকাৰ প্রয়োজন। লাগিব আৰু ৩ মাহ সময়ো। এই মুহূর্তত দিনত গড়ে ২০ লাখ টীকা উৎপাদন কৰিছে চিৰামে। মাহত গড়ে ৬ৰ পৰা চাৰে ৬ কোটি। কোম্পানীটোৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যমাত্রা মাহত ১০ৰ পৰা ১১ কোটি কৰা।
শুক্রবাৰে চিৰামৰ শীৰ্ষাধিকাৰীৰ পক্ষ লৈয়েই দিল্লীৰ এইমছ প্রধান ৰণদীপে কয়, ‘‘টীকা উৎপাদকসকলে তেওঁলোকৰ কাম কৰি গৈছে। ভাৰতত কিমান টীকা লাগিব পাৰে, তেওঁলোকে জানে। কিন্তু তেওঁলোকেতো কেৱল ভাৰতৰ কথা ভাবিলেই নহ’ব। টীকা অন্যান্য দেশলৈও পঠোৱা হৈছে, পঠাব লাগিব। সেই অনুয়ায়ী টীকা উৎপাদন কৰিছে তেওঁলোকে। এটা কথা ঠিক ৰকেট উৎক্ষেপণৰ দৰে আগৰে পৰা সকলোবোৰ ভাবি ৰখাটো সম্ভৱ নহয়। প্রয়োজন অনুযায়ী কৰিবলগা হয়।’’










