ASSAM TIMES POST
নতুন দিল্লীঃ ডেৰা চেচ্ছা চৌদাৰ মুৰব্বী, স্বয়ম্ভু ঈশ্বৰ পুৰুষ, সম্প্ৰতি ৰঙা ঘৰৰ আলহী ৰাম ৰহিমৰ শিষ্যই এইবাৰ টাৰ্গেট কৰি লৈছে দেশৰ সংসদ ভৱনক।
সেই অনুসৰি সোমবাৰে পুৱাৰ ভাগত ৰাম ৰহিমৰ সাগৰ নামৰ অনুচৰটোৱে হাতত চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা কৰে।

বাইকেৰে অহা দুবৃৰ্ত্তটোৱে বাইক ৰখাই সংসদ ভৱনৰ ১নং গে’টেৰে ভিতৰত প্ৰৱেশৰ চেষ্টা চলায়।
পিছে সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা পেৰা মিলিটেৰী ফ’ৰ্চে ইয়াক কৰায়ত্ত কৰে।

পৰৱৰ্তী সময়ত দুবৃৰ্ত্তটোক সংসদ মাৰ্গ থানালৈ লৈ যোৱা হয়। সম্প্ৰতি দিল্লী আৰক্ষীয়ে ইয়াক জেৰা চলাই আছে।












