নিউজ ডেক্স:
ক’ৰোনা টীকাৰ দ্বিতীয় পালি ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বৃহস্পতিবাৰে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছ (এইমছ)ত টীকাৰ দ্বিতীয় পালি লয় তেওঁ।
প্রথম পালি লোৱাৰ ৩৭ দিন পিছত মোদীয়ে ল’লে দ্বিতীয় পালি। টীকাকৰণৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছত যোৱা ১ মার্চত প্রথম পালি লৈছিল প্রধানমন্ত্রীয়ে।
নিজৰ টীকা লোৱাৰ এখন ছবি টুইট কৰি মোদীয়ে অনুৰোধ জনায়, টীকা লোৱাৰ যোগ্য হ’লে যেন সকলোৱে সোনকালে টীকা লয়। টুইটত মোদীয়ে কয়, ‘এইমছত কোভিড–১৯ টীকাৰ দ্বিতীয় পালি ল’লো। ভাইৰাছক পৰাজিত কৰা যিকেইটা উপায় আছে তাৰ ভিতৰত অন্যতম এই টীকা। যদি আপুনি টীকা লোৱাৰ যোগ্য হয়, তেনেহ’লে তৎকালে টীকা লওক।’
উল্লেখ্য, ভাৰত বায়োটেক আৰু ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্চ (আইচিএমআৰ)ৰ উৎপাদিত কোভেক্সিন টীকা লয় মোদীয়ে। বৃহস্পতিবাৰে টীকা লোৱাৰ সময়ত মোদীৰ সৈতে আছিল দুগৰাকী নাৰ্ছ। তেওঁলোকৰ ভিতৰত এগৰাকী পি নিভেদা। যোৱাবাৰ তেৱেঁই মোদীক টীকা দিছিল। এইবাৰ প্রধানমন্ত্রীক টীকা দিয়ে নিশা শর্মা নামৰ নাৰ্ছগৰাকীয়ে।