ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে শুকুৰবাৰে ১০ টা ৰাজহুৱা খণ্ডৰ বেংকক লগ-লগাই চাৰিটালৈ হ্ৰাস কৰে। ইয়াৰ লগে-লগে ২০১৭ চনত দেশীয় বেংকৰ সংখ্যা ২৭ ৰ পৰিৱৰ্তে বৰ্তমান ১২ টা হয়। ৰাষ্ট্ৰীয় ৰাজধানীত এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সেই অনুসৰি,
পাঞ্জাৱ নেশ্যনেল বেংক, অ’ৰিয়েন্টেল বেংক আৰু ইউনাইটেড বেংকক লগ লগোৱা হয়।
একেদৰে কানাড়া বেংকৰ লগ লাগে ছিণ্ডিকেট বেংক।
তৃতীয়তে, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সখী হয় অন্ধ্ৰ বেংক আৰু কৰ্প’ৰেশ্যন বেংক।
তদুপৰি ইণ্ডিয়ান বেংক আৰু এলাহাবাদ বেংকে যুগ্ম জীৱনৰ পাতনি মেলে।