ষ্টাফ ৰিপ’ৰ্টাৰ:
শুকুৰবাৰে ডিব্ৰুগড়লৈ আহিব ৰাহুল গান্ধী; অখিল ভাৰত কংগ্ৰেছ কমিটীৰ সচিব বিকাশ উপাধ্যায়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ সৱিশেষ কথা ডিব্ৰুগড়ত সদৰী কৰে।
ৰাহুল গান্ধীয়ে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰিয়ে তেওঁ লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছতেই তেওঁ চাবুৱাৰ দিনজয় চাহ বাগিচাৰ নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা যায়। ডুমডুমাৰ সভাৰ সমান্তৰালকৈ ২০ মাৰ্চ তাৰিখে যোৰহাটৰ মৰিয়নী তথা গহপুৰতো অনুষ্ঠিত একোখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে।
আনহাতে, ২১ মাৰ্চত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে যোৰহাট বিমানবন্দৰত অৱতৰণ কৰি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে, হেলিকপ্টাৰযোগে নাজিৰাত অৱতৰণ কৰি ৰাজহুৱা সভা সম্বোধন কৰিব।
গোলাঘাট খুমটাইত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ২২ মাৰ্চত ক্ৰমে সৰুপথাৰ, কলিয়াবৰ, বটদ্ৰৱাত ৰাজহুৱা সভা আৰু বটদ্ৰৱা সত্ৰ দৰ্শন কৰিব। আনহাতে, নিৰ্বাচন উপলক্ষে বিজেপি অত্যাধিক শংকিত বুলি মত ব্যক্ত কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে।
সেয়ে এতিয়া অসমৰ আকাশত বিজেপিয়ে ধনবলৰ জৰিয়তে হেলিকপ্টাৰ উৰুৱাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহসহ ইজনৰ পিছত কেন্দ্ৰীয় নেতা অসমলৈ আহিছে।













