![]()
নিউজ ডেস্কঃ
একে ঘোচাতে এগৰাকী যুৱতীৰ নাক ভাঙিলে খাদ্য ডেলিভাৰী এক্সিকিউটিভে। এই অভিযোগ খাদ্য ডেলিভাৰী কোম্পানী জমেটোৰ এজন কর্মচাৰীৰ বিৰুদ্ধে। ঘটনাটো ৯ মার্চৰ। হিতেশা চন্দ্রানী নামৰ বেঙ্গালুৰুৰ পেছাত এগৰাকী কনটেন্ট ক্রিয়েটৰ আৰু মেকআপ আর্টিষ্টে খাদ্যৰ অর্ডাৰ কৰে বিয়লি ৩.৩০ বজাত। কিন্তু এঘণ্টামান পিছতহে ডেলিভাৰী বয়জন খাদ্য লৈ উপস্থিত হয়। তেতিয়াই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়।
যুৱতীগৰাকীয়ে জমেটোৰ কাষ্টমাৰ কেয়াৰত খাদ্য অহাত পলম হোৱা বুলি অভিযোগ কৰে। ইয়াৰ মাজতে ডেলিভাৰী বয়জন আহি উপস্থিত হয়। আৰম্ভ হয় বাকবিতণ্ডা। ঘটনা ইমান দূৰ পায় যে যুৱতীগৰাকীৰ অভিযোগ ল’ৰাটোৱে যুৱতীগৰাকীক চূড়ান্ত গালি-গালাজ পাৰে। তাৰ পিছত এক ঘোচাত নাক ভাঙি দিয়ে ল’ৰাজনে।
ইফালে ডেলিভাৰী কর্মচাৰীজনৰ বক্তব্য, তেওঁ পলমকৈ উপস্থিত হোৱাত কেৱল গালি-গালাজেই নহয়, জোতাৰেওঁ পিটে তেওঁক। ফলত তেওঁ আত্মৰক্ষার্থে আঘাত কৰিবলৈ বাধ্য হয়। অভিযোগ-প্ৰতিঅভিযোগৰ মাজতেই হিতেষাই ইনষ্টাগ্রামত নিজৰ তেজেৰে ৰাঙলী ফটা নাকৰ ছবি শ্বেয়াৰ কৰি দিয়ে। তুমুল হৈ চৈ লাগে ছবিখনক কেন্দ্ৰ কৰি। উভয় পক্ষই এতিয়া আদালতৰ দুৱাৰ টুকুৰিয়াইছে।










