![]()
নিউজ ডেস্কঃ
উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্রী হিচাপে শপত ল’ব তীর্থ সিং ৰাৱাতে। বুধবাৰে বিয়লি ৪ বজাত তেওঁ মুখ্যমন্ত্রী পদত শপত গ্রহণ কৰিব।
উল্লেখ্য, ৰাজ্যৰ মুখ্যমন্ত্রী পদৰ পৰা মঙ্গলবাৰে ইস্তফা দিছিল ত্রিবেন্দ্র সিং ৰাৱাতে। তাৰ ২৪ ঘণ্টাৰ ভিতৰতেই কেন্দ্রৰ বিজেপি নেতৃত্বই নিৰ্বাচন কৰে তেওঁৰ উত্তৰসূৰী। হ’বলগীয়া মুখ্যমন্ত্রী তীর্থ সিং ত্রিবেন্দ্র সিঙৰ মন্ত্ৰীসভাৰ এসময়ৰ সদস্য আছিল। বর্তমান তেওঁ বিজেপিৰ সাংসদ। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পদত তেওঁক নিৰ্বাচন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক তেওঁ ধন্যবাদ জনায়।
অৱশ্যে তীর্থ সিং এবছৰৰ বাবেহে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হৈছে। কাৰণ এবছৰ পিছত উত্তৰাখণ্ডত বিধানসভা নির্বাচন। তাৰ পিছত সলনি হ’ব পাৰে সমীকৰণ।










