![]()
নিউজ ডেস্কঃ
সীমান্তত যিমানেই সংঘাত নাথাকক, বৈৰিতা নাথাকক কিয়, সেই সকলো পাহৰি এইবাৰ প্রতিবেশী দেশৰ কাষত থিয় দিছে ভাৰতে। কৰোনাৰ টীকা পঠাই এইবাৰ পাকিস্তানক সহায় কৰিবলৈ আগবাঢ়িছে ভাৰত। মাত্রাধিক হাৰত পাকিস্তানত বৃদ্ধি হৈ গৈছে কোভিড আক্রান্তৰ সংখ্যা। কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ এইবাৰ ভাৰতৰ শৰণাপন্ন হৈছে পাকিস্তান।
ভাৰতৰ পৰা ৪৫ মিলিয়ন টীকা পঠোৱা হ’ব ইছলামাবাদলৈ। পুনেৰ চিৰাম ইনষ্টিটিউটৰ দ্বাৰা তৈয়াৰী কোভিশিল্ড কিছুদিনৰ ভিতৰতেই গৈ পাব পাকিস্তান। জুন মাহৰ ভিতৰতেই ১৬ মিলিয়ন টীকা লাভ কৰিব পাকিস্তানে। এই বিষয়ে দুই দেশৰ মাজত ইতিমধ্যে চুক্তিও সম্পন্ন হৈছে। গাভি চুক্তিৰ মাধ্যমেৰে বিশ্বৰ উন্নয়নশীল দেশবোৰলৈ কৰোনাৰ টীকা সৰবৰাহ কৰা হৈছে। উল্লেখ্য, গাভি চুক্তি হ’ল চৰকাৰী–বেচৰকাৰী চুক্তি যাৰ মাধ্যমেৰে উন্নয়নশীল দেশবোৰক কৰোনাৰ টীকা সৰবৰাহ কৰিছে।










