ASSAM TIMES POST
নতুন দিল্লীঃ ‘শৰীৰটো ‘ফিট’ হ’লেহে মনটো ভাল হৈ থাকিব। সকলোৱে শৰীৰটো সুস্থ ৰাখিবলৈ যত্ন ল’ব লাগে। ইয়াৰ বাবে কোনো ব্যয় নহয়। ইয়াত বিনিয়োগ শূন্য।’, এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অৱস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়াম কমপ্লেক্সত ৰাষ্ট্ৰজুৰি ‘ফিট ইণ্ডিয়া মুভমেন্ট’ সূচনা কৰি তেওঁ এইদৰে কয়। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই আৰম্ভ হোৱা এই কাৰ্যক্ৰমৰ লক্ষ্য হৈছে প্ৰতিদিনে শাৰীৰিক কাম-কাজ আৰু খেলা-ধূলাৰ প্ৰতি জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰা।
সকলোকে স্বাস্থ্যৰ যতন ল’বলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীজনে কয় যে কেইটামান দশকৰ পূৰ্বলৈকে এজন মানুহে দৈনিক ৮-১০ কিমি খোজ কাঢ়িছিল। কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিত মানুহে এতিয়া খোজ নকঢ়া হ’ল।
প্ৰতিদিনে ৫ হাজাৰ খোজ নহ’লেও অতিকমেও ২ হাজাৰ খোজ, খোজ কাঢ়িব লাগে বুলি তেওঁ কয়। তেহে সকলো সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিব বুলি তেওঁ উল্লেখ কৰে।










