ASSAM TIMES POST
নতুন দিল্লীঃ আইএনএক্স মিডিয়া কেলেংকাৰিৰ গোচৰত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰা কাৰ্যক ‘ভাল বাতৰি’আখ্যা দিয়ে মিডিয়া সম্ৰাজ্ঞী ইন্দ্ৰাণী মুখাৰ্জীয়ে।
বৃহস্পতিবাৰে তেওঁ এই কথা সদৰী কৰি চিদাম্বৰমক গ্ৰেপ্তাৰত সুখী বুলি কয়। উল্লেখ্য, আইএনএক্স মিডিয়া কেলেংকাৰিত ইন্দ্ৰাণীৰ লগতে তেওঁৰ স্বামী পিটাৰ মুখাৰ্জীও অভিযুক্ত আছিল।
সম্প্ৰতি দুয়ো কন্যা স্বীনা বৰাৰ হত্যাৰ গোচৰত কাৰাৰুদ্ধ হৈ আছে। গত ২১ আগষ্টত পি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰা হৈছিল।










