![]()
নিউজ ডেস্কঃ
তামিলনাডু বিধানসভা নির্বাচনক কেন্দ্ৰ কৰি ক্রমে উত্তপ্ত হৈ উঠিছে নিৰ্বাচনী পৰিৱেশ। সোমবাৰে অভিনয়ৰ পৰা ৰাজনীতিৰ পথাৰত খোজ দিয়া কামাল হাসানে ঘোষণা কৰে, তেওঁৰ দল এম কে এমে নির্বাচনত ১৫৪খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইফালে এম কে ষ্টেলিনৰ ডি এম কেৰ সৈতে চিপিএমৰ আসন বুজাবুজিও চূড়ান্ত হৈছে। ছয়খন আসন চিপিএমক এৰি দিছে ডি এম কেই।
উল্লেখ্য, ২৩৪ আসনৰ তামিলনাডু বিধানসভা নির্বাচনত ১৫৪খন আসনত প্রার্থী দিয়াৰ কথা ঘোষণা কৰিছে দাক্ষিণাত্যৰ মেগাষ্টাৰ কামাল হাসানে। তেওঁৰ দল ‘মাক্কাল নিধি মাইয়াম’ৰ উপৰি তেওঁলোকৰ বাকী দুই মিত্ৰদল এআইএছএমকে আৰু আইজেকে যুঁজিব ৪০খনকৈ আসনত। সোমবাৰে নিশা কামাল হাসানৰ দলৰ তৰফৰ পৰা এই ঘোষণা কৰা হয়। উল্লেখ্য, ২০১৯ৰ লোকসভা নির্বাচনত ৪ শতাংশ ভোট লাভ কৰিছিল কামাল হাসানৰ দলটোৱে।










