![]()
নিউজ ডেস্কঃ
একৈশৰ বিধানসভা নিৰ্বাচনৰ দামামা বাজিবলৈ আৰম্ভ কৰোতেই পশ্চিমবংগৰ ভাঙড়ত তীব্ৰ উত্তেজনা। ভাঙড়ৰ তাৰাহেদিয়াৰ পৰা ২০০টা সজীৱ বোমা উদ্ধাৰ কৰে স্থানীয় কাশীপুৰ থানাৰ আৰক্ষীয়ে। ইমান কেইটা সজীৱ বোমা বাঁহনিত পৰি থকা দেখি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ এলেকাটোত। স্থানীয় লোকৰ পৰা খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিষয়াসকল। ওচৰ-পাজৰৰ অঞ্চলবোৰতো তালাচী চলায় আৰক্ষীয়ে। ইমানবোৰ বোমা কি কাৰণে কোনে নিৰ্মাণ কৰিছিল সেয়া তদন্ত কৰিছে আৰক্ষীয়ে। এই পর্যন্ত কোনো ব্যক্তিক এই সন্দৰ্ভত গ্রেপ্তাৰ নকৰিলেও স্থানীয় কেইবাজনো ব্যক্তিক আৰক্ষীয়ে সোধাপোছা কৰিছে। অঞ্চলটোত বৃদ্ধি কৰা হৈছে আৰক্ষীৰ পহৰাদাৰী।










