![]()
নিউজ ডেস্কঃ
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে মঙলবাৰে পদত্যাগ কৰে। বিজেপিৰ ঘনিষ্ঠ সূত্ৰই উত্তৰাখণ্ডত নেতৃত্বৰ পৰিৱৰ্তন আনিবলৈ চিন্তা কৰি আছে বুলি জনাৰ ঠিক ঘণ্টা পিছত এই পদক্ষেপ লয় ৰাৱতে। সূত্ৰ মতে, ৰাজ্যিক কেবিনেট মন্ত্ৰী ধন সিং ৰাৱত পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। ধন সিং ৰাৱতৰ উপৰি, আন দুজন জ্যেষ্ঠ বিজেপি নেতা আৰ্য ভট্ট আৰু অনিল বালুনিৰো ৰাজ্যখনৰ সম্ভাৱ্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী।
সূত্ৰ মতে, বিজেপিয়ে উপ-মুখ্যমন্ত্ৰীৰ পদ এটাও সৃষ্টি কৰিব পাৰে আৰু কুমাওন অঞ্চলক প্ৰতিনিধিত্ব কৰা কোনোবাই হয়তো এই ভূমিকা পালন কৰিব পাৰে। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, পুষ্কৰ সিং ধামি উপ-মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য, কেন্দ্ৰীয় বিজেপি নেতৃত্বই শেহতীয়াকৈ দুজন পৰ্যবেক্ষক, দলৰ উপ-সভাপতি ৰমন সিং আৰু সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমক উত্তৰাখণ্ডলৈ প্ৰেৰণ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসন্তুষ্টিৰ প্ৰতিবেদন গ্ৰহণ কৰা হয়৷ তাৰ পিছত দুয়োটা গোটৰ পৰা মতামত লৈ এই পদক্ষেপ লোৱা হৈছে বুলি জানিব পৰা গৈছে৷










