![]()
নিউজ ডেস্কঃ
স্বামীগৃহত থকা অৱস্থাত পত্নীৰ ওপৰত আত্মীয়সকলে নিগ্রহ কৰিলেও তাৰ বাবে দোষী হ’ব স্বামী৷ এই ৰায় ছুপ্রিম কোর্টৰ। যোৱা বছৰ জুন মাহত স্বামী আৰু স্বামীগৃহৰ সদস্যসকলৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ কৰিছিল এগৰাকী পত্নীয়ে। উক্ত গোচৰৰ শুনানিতেই স্বামীক তীব্র ভর্ৎসনা কৰে মুখ্য ন্যায়াধীশ এছএ বোবডেই।
গ্রেপ্তাৰীৰ পূৰ্বে জামিন আবেদন কৰিছিল স্বামীয়ে। এই কাৰ্যত ক্ষুব্ধ ন্যায়াধীশগৰাকীয়ে কয়, ‘আপুনি মানুহ নে? আপোনাৰ পত্নীৰ অভিযোগ, আপুনি শ্বাসৰুদ্ধ কৰি হত্যাৰ চেষ্টা কৰিছিল, গৰ্ভ নষ্ট কৰাৰ চেষ্টা কৰিছিল। আপুনি কেনে ধৰণৰ মানুহ যে ক্রিকেটৰ বেটেৰে পত্নীক মাৰে?’
স্বামী পক্ষৰ অধিবক্তা কুশাগ্র মহাজনে স্বামীয়ে নহয়, বেটেৰে শহুৰেকে মাৰিছিল বুলি উল্লেখ কৰে। এই সন্দৰ্ভত ন্যায়াধীশে স্পষ্টভাৱে জনাই দিয়ে, স্বামীয়ে হওক বাবে শহুৰ, তাত কোনো কথা নাই। স্বামীগৃহত কোনো নাৰীৰ ওপৰত অত্যাচাৰ হ’লে তাৰ দোষ সম্পূর্ণ স্বামীৰ। ইয়াৰ পিছতে জামিন আবেদন নাকচ কৰা হয়।










