![]()
নিউজ ডেস্কঃ
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টীকা লোৱাৰ পিছতেই ভাৰতত টীকা গ্রহণৰ মাত্রা বহুখিনি বাঢ়িছে। সম্প্রতি ব্লুমবার্গ আৰু জন হপকিন্স ইউনিভাৰ্ছিটীৰ এক সমীক্ষাত এই ৰিপোর্ট পোহৰলৈ আহিছে। উল্লেখ্য ভাৰতত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’লেও তাক লৈ বহুতৰেই সংশয় আছিল। কিন্তু প্রধানমন্ত্রীয়ে টীকা লোৱাৰ পিছতে সেয়া চাৰি গুণ বৃদ্ধি পাইছে।
উল্লেখ্য, যোৱা মাহলৈ ভাৰতত মাত্র ৫.১ শতাংশ মানুহে টীকা লৈছিল। কিন্তু প্রধানমন্ত্রীয়ে টীকা লোৱাৰ পিছত আৰু তেওঁ টীকা ল’বলৈ আহ্বান জনোৱাৰ পিছতেই ৫.১ শতাংশৰ পৰা বৃদ্ধি হৈ ২১ মিলিয়ন হৈছেগৈ।
ভাৰতত কোভিড টীকা ল’বৰ বাবে প্রধানমন্ত্রীৰ টীকা লোৱাটোৱে মানুহক যথেষ্ট সাহস যোগাইছে বুলিও বিশেষজ্ঞসকলৰ একাংশৰ মত।
আন এক সূত্র মতে, বহু ডাঙৰ কোম্পানীয়ে তেওঁলোকৰ কর্মচাৰীসকলক টীকাৰ খৰচ দিয়াৰ কথাও কৈছে। তাৰ ভিতৰত আছে ৰিলায়েন্স ইণ্ডিয়া প্রাইভেট লিমিটেড আৰু ইনফোছিছ লিমিটেড। নীতা আম্বানিয়ে তেওঁলোকৰ কর্মচাৰীসকলৰ উদ্দেশ্যে এটি বিবৃতিত জনাইছে, প্রত্যেক কর্মচাৰীৰ সহায়ত এইবাৰ কৰোনা ভাইৰাছৰ ভয় সকলোৰে মাজৰ পৰা আঁতৰোৱা যাব।










