![]()
নিউজ ডেস্কঃ
প্রায় ১৫ মাহ পিছত প্রথমবাৰ বিদেশ ভ্ৰমণলৈ ওলাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী। অহা ২৬ মার্চত বাংলাদেশ ভ্ৰমণ কাৰ্যসূচী মোদীৰ। বাংলাদেশৰ স্বাধীনতা দিৱসৰ স্বর্ণজয়ন্তী বর্ষ উদযাপন উপলক্ষে মোদীৰ বাংলাদেশ ভ্ৰমণ বুলি জানিব পৰা গৈছে। দুদিনীয়া ঢাকা ভ্ৰমণৰ সূচী প্রধানমন্ত্রীৰ।
মূল অনুষ্ঠানৰ আয়োজন কৰিছে শ্বেখ হাচিনা চৰকাৰে। অনুষ্ঠানৰ প্রধান অতিথি হিচাবে নৰেন্দ্র মোদীক আমন্ত্রণ জনোৱা হৈছে। বঙ্গবন্ধু শ্বেখ মুজিবৰ ৰহমানক শ্রদ্ধা জনোৱা হ’ব উক্ত অনুষ্ঠানত। ইফালে মোদীৰ ভ্ৰমণৰ প্রস্তুতি পৰ্যবেক্ষণ কৰিবলৈ যোৱা সপ্তাহতেই ঢাকালৈ গৈছিল বিদেশমন্ত্রী এছ জয়শঙ্কৰ।










