![]()
নিউজ ডেস্কঃ
মোদী চৰকাৰ প্রদত্ত তিনিখন কৃষি আইনৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লী সীমান্তত কৃষকসকলৰ আন্দোলন অব্যাহত আছে। চৰকাৰ আৰু কৃষক নেতাসকলৰ মাজত ১১ খন বৈঠক অনুষ্ঠিত হ’লেও কিন্তু সমস্যাৰ কোনো সমাধান ওলোৱা নাই। চৰকাৰে কৃষি আইনত সংশোধন কৰাৰ কথা কৈছে, কিন্তু কৃষকসকল আইন বাতিলৰ দাবীত অটল। আনহাতে, হোলীৰ আগত ক্ষুদ্র প্রান্তিক কৃষকসকলক এক ডাঙৰ উপহাৰ দিবলৈ আগবাঢ়িছে মোদী চৰকাৰ।
প্রধানমন্ত্রী কিষাণ সন্মান নিধি যোজনাৰ অধীনত চৰকাৰে ২০০০ টকাৰ অষ্টম কিস্তি কৃষকসকলৰ একাউন্টত দিবলৈ আগবাঢ়িছে। এই প্রকল্পৰ অধীনত কৃষকসকলৰ উপাৰ্জন বঢ়াবলৈ চৰকাৰে বছৰত দুই হাজাৰ টকাৰ ৩টা কিস্তি দিয়ে। এই প্রকল্পৰ পৰা প্রায় ১১ কোটি কৃষক উপকৃত হৈছে। একে সময়তে, প্রধানমন্ত্রী কিষাণ সন্মান নিধি যোজনাৰ সুবিধা ল’বলৈ ২০১৯ চনৰ ১ ডিচেম্বৰৰ পৰা আধাৰ নম্বৰো বাধ্যতামূলক কৰা হৈছে। বেংক একাউন্ট আৰু আধাৰ নম্বৰ লিঙ্ক কৰাটো খুব গুৰুত্বপূর্ণ৷ তেতিয়াহে কৃষকসকলে এই প্রকল্পৰ সুবিধা লাভ কৰিব।










