![]()
নিউজ ডেস্কঃ
কৰোনা প্রতিষেধক প্রস্তুতকাৰক কোম্পানীবোৰে টীকা তৈয়াৰৰ সম্পূর্ণ ক্ষমতা ব্যৱহাৰ কৰিছেনে নাই বুলি আজ সংশয় প্রকাশ কৰে দিল্লী হাইকোৰ্টে। একে সময়তে আদালতে কেন্দ্রৰ পৰা জানিব বিচাৰিছে, কিয় ষাঠি ঊর্ধ্বৰ আৰু ৪৫-৫৯ বছৰ বয়সৰ যিসকলৰ কো-মর্বিডিটি আছে কেৱল তেওঁলোককহে টীকাকৰণৰ বাবে নিৰ্বাচন কৰা হ’ল?
সম্প্রতি দিল্লী হাইকোর্টত টীকাকৰণ সম্পৰ্কীয় এটি জনস্বার্থ জড়িত গোচৰ ৰুজু হৈছিল। তাৰ পৰিপ্রেক্ষিততে হাইকোৰ্টে জনাইছে, চিৰাম ইনষ্টিটিউটে কোভিশিল্ড আৰু ভাৰত বায়োটেকে কোভেক্সিন তৈয়াৰ কৰিছে। আৰু বিপুল পৰিমাণত প্রতিষেধক তৈয়াৰ কৰাৰ ক্ষমতা তেওঁলোকৰ আছে। কিন্তু এনে ভাব হৈছে, কোম্পানী দুটাই পূর্ণ ক্ষমতা ব্যৱহাৰ কৰা নাই। ন্যায়াধীশ বিপিন সঙ্ঘী আৰু ৰেখা পল্লিৰ বিচাৰপীঠে কেন্দ্রৰ উদ্দেশ্যে কয়, ‘‘দেশৰ মানুহৰ টীকাকৰণৰ বাবে আমি সেই ক্ষমতা সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰা নাই। আমি হয় প্রতিষেধক অন্য দেশক দিছো বা তেওঁলোকে বিক্ৰী কৰিছে। কিন্তু আমাৰ দেশৰ মানুহক বোধহয় সঠিকভাবে প্রতিষেধক দিয়া হোৱা নাই। এই ক্ষেত্ৰত দায়িত্ব পালন কৰিব লাগিব।’’










