![]()
নিউজ ডেস্কঃ
বিশ্বৰ শ্ৰেষ্ঠ ইঞ্জিনিয়াৰিং কলেজৰ তালিকাত স্থান লাভ কৰিছে আইআইটি মাদ্ৰাজ, বম্বে আৰু খড়গপুৰে। কিউএছ ৱর্ল্ড ইউনিভাৰ্ছিটিয়ে বিশ্বৰ শ্ৰেষ্ঠ কলেজবোৰৰ তালিকা প্ৰকাশ কৰে। উক্ত তালিকাত শ্ৰেষ্ঠ ১০০ কলেজৰ তালিকাৰ ৫০ৰ ভিতৰত স্থান লাভ কৰে এই তিনিখন আইআইটিয়ে।

এই বছৰ কিউএছ ৱর্ল্ড ইউনিভাৰ্ছিটিৰ শ্ৰেষ্ঠ কলেজৰ তালিকাত আছে ভাৰতৰ ১২খন কলেজৰ নাম। যাৰ ভিতৰত ৩খন ইঞ্জিনিয়াৰিং কলেজ। জানিব পৰা মতে, দেশৰ মুঠ ৫২খন শিক্ষা প্রতিষ্ঠানৰ মাজত এই প্ৰতিদ্বন্দ্বিতা চলে। তাৰ ভিতৰত ১২খনে এই শ্ৰেষ্ঠ তালিকাত স্থান লাভ কৰে। ইয়াৰে ভিতৰত অন্যতম আইআইটি মাদ্ৰাজ, বম্বে আৰু খড়গপুৰ। আইআইটি মাদ্রাজৰ স্থান ৩০, আইআইটি বম্বেৰ স্থান ৪১ আৰু আইআইটি খড়গপুৰৰ ৰেঙ্ক ৪৪।

উল্লেখ্য, বিশ্বজুৰি ১,৪৫৩খন প্রতিষ্ঠানৰ পাঁচটা বিস্তৃত বিষয়ৰ অধীনত পঞ্চাশটা সৰু বিষয়ক ২০২১ চনত স্থান দিয়া হৈছে।










