![]()
নিউজ ডেস্কঃ
পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্রার্থী তালিকা প্রকাশ কৰিলে তৃণমূল কংগ্রেছে। ২৯১খন আসনত প্রাৰ্থিত্ব আগবঢ়াব ৰাজ্যখনৰ শাসকীয় দলটোৱে। তিনিখন আসন এৰি দিছে পাহাৰীয়া অঞ্চলক। মমতাৰ ভাষাত, কার্শিয়াং, কালিম্পং আৰু দার্জিলিং আসনকেইখন হ’ল ‘বন্ধু’সকলৰ। আনহাতে, অন্য আসনতো তেওঁলোকে তৃণমূলক সমর্থন আগবঢ়াব বুলি প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে। কালীঘাটত এক সংবাদমেলত মমতাই কয়, এইবাৰৰ নিৰ্বাচনত তেওঁলোকৰ দলৰ ৫০গৰাকী মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। সংখ্যালঘু প্রার্থী ৪২ জন। ইয়াৰ উপৰি এছটি আৰু এছচি প্রার্থী যথাক্রমে ১৭ আৰু ৭৯। দুই মন্ত্রী পূর্ণেন্দু বসু আৰু অমিত মিত্রক বয়সজনিত কাৰণত এইবাৰ প্রাৰ্থিত্ব দিয়া হোৱা নাই। আনকি প্ৰভাৱশালী ৰাজনীতিক মণীষ গুপ্তাও নাই এইবাৰৰ নিৰ্বাচনী ৰণত।
মমতাৰ প্রার্থী তালিকাত সকলোতকৈ ডাঙৰ চমক হ’ল বেহালা পূব। তাত তৃণমূলৰ প্রাৰ্থিত্ব দিয়া হৈছে সদ্য তৃণমূল ত্যাগ কৰি বিজেপিত যোগদান কৰা শোভন চেটাৰ্জীৰ পত্নী ৰত্না চেটাৰ্জীক। এতিয়া লক্ষণীয় হ’ব বিজেপিয়ে সমষ্টিটোত শোভনক প্রাৰ্থিত্ব দিয়েনে নাই।
আনহাতে, তাৰকা প্রার্থীসকলৰ ভিতৰত ক্রিকেটাৰ মনোজ তিৱাৰীৰ দৰে ক্ৰীড়া তথা বিনোদন জগতৰ বহু কেইজন প্ৰাৰ্থী আছে৷ মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নন্দীগ্রামৰ পৰা।










