![]()
নিউজ ডেস্কঃ
নির্বাচনী অধিসূচনা জাৰিৰ পিছতো কৰোনা টীকাৰ প্ৰমাণ-পত্রত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ফটো কিয়? কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা এই বিষয়ত স্পষ্টীকৰণ বিচাৰিলে নিৰ্বাচন আয়োগে। উল্লেখ্য, বৃহস্পতিবাৰে এই সন্দৰ্ভত নির্বাচন আয়োগত অভিযোগ জনাইছিল তৃণমূল কংগ্ৰেছে। তাৰ পিছতেই এই ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰালয়ৰ স্থিতি জানিবলৈ বিচাৰিলে আয়োগে।
অৱশ্যে এতিয়ালৈকে বিষয়টো সন্দৰ্ভত নিৰ্বাচন আয়োগে স্পষ্টকৈ কোনো মন্তব্য কৰা নাই। কিন্তু নাম প্রকাশত অনিচ্ছুক আয়োগৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘‘প্রথমে সত্যটো জানি লোৱা প্রয়োজন। জানিব লাগিব, স্বাস্থ্য মন্ত্ৰালয়ৰ নির্দেশতেই প্রধানমন্ত্রীৰ ফটো দিয়া প্ৰমাণ-পত্র বিতৰণ কৰা হৈছিল নেকি। এই ক্ষেত্রত সকলো পক্ষৰ মতামত জনাটো প্রয়োজন।’’
উল্লেখ্য, ইয়াৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্যৰ পেট্ৰ’ল পাম্পসমূহৰ পৰা মোদীৰ ছবি সম্বলিত বিজ্ঞাপন থকা হৰ্ডিংবোৰ আঁতৰোৱাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে৷










