![]()
নিউজ ডেস্কঃ
বংগৰ তৃণমূল কংগ্ৰেছৰ অভিনেত্রী-সাসংদ নুসৰত জাহানৰ স্বামী নিখিল জৈনৰ দুটি ব্যৱসায়িক ব্ৰেণ্ডৰ ইনষ্টাগ্রাম একাউন্ট ‘হেক’ কৰা হৈছে। একাউন্ট দুটা সম্পূর্ণ ব্যৱসায়িক উদ্দেশ্যত শাড়ী আৰু পোছাক বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা হৈছিল। শুক্রবাৰে এই সন্দৰ্ভত এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক নিখিলে জনায়, ‘‘এইটো অত্যন্ত মর্মান্তিক ঘটনা। মোৰ ব্যৱসায়িক দুয়োটা ব্ৰেণ্ডৰেই একাউন্ট হেক কৰি সমকলো পোষ্টাৰ আৰু ফটোশ্বুটৰ সকলো ছবি মচি দিয়া হৈছে। মই কলকাতা আৰক্ষীৰ চাইবাৰ ক্রাইম বিভাগৰ ওচৰত অভিযোগ জনাইছো। তেওঁলোকে জনাইছে, টকাৰ বিনিময়ত কলকাতাৰ পৰাই কোনোৱে এই কাম কৰিছে। সোনকালেই আঁৰত কোন আছে ধৰা পৰিব বুলি আৰক্ষীয়ে মোক জনাইছে।’’
উল্লেখ্য, নিখিল জৈনৰ উক্ত দুয়োটি বাণিজ্যিক ব্ৰেণ্ডৰ প্রধান মুখ আছিল অভিনেত্রী-সাংসদ নুসৰত।










