![]()
নিউজ ডেস্কঃ
কোনো অনুষ্ঠান বা জনসভাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া ভাষণ শুনি মুগ্ধ হৈ যায় দৰ্শক-শ্রোতা। উদ্বুদ্ধ হয় দলীয় কর্মীসকলো। প্রধানমন্ত্রীৰ ভাষণত হাততালিৰ জোৱাৰ উঠে। মোদীৰ জনসভা বা ভাষণত এই দৃশ্যই মূলত দেখা যায়। প্রত্যেকদিনাই ক’ৰবাত নহয় ক’ৰবাত বক্তব্য ৰাখে মোদীয়ে। কেতিয়াবা যদি দলীয় সভাত, কেতিয়াবাও কোনো আন্তর্জাতিক মঞ্চত, আকৌ কেতিয়াবা চৰকাৰী কোনো অনুষ্ঠানত। কিন্তু কোনে লিখি দিয়ে প্রধানমন্ত্রীৰ এই ভাষণ? কোন জড়িত হৈ থাকে এই কর্মত? সম্প্রতি আৰটিআইৰ মাধ্যমেৰে এই প্রশ্নৰ উত্তৰ জানিব বিচৰা হৈছিল।
সর্বভাৰতীয় সংবাদ মাধ্যম ‘ইণ্ডিয়া টুডে টিভি’ৰ পৰা অশোক কুমাৰ উপাধ্যায় নামৰ এজনে আৰটিআইখন কৰিছিল। খোদ প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ পৰা সেই প্রশ্নৰ উত্তৰো দিয়া হৈছে। তাত জনোৱা হৈছে, প্রধানমন্ত্রীৰ ভাষণ লিখাত বহুতেই সহায় কৰে। নানা ধৰণৰ তথ্য সৰবৰাহ কৰে তেওঁলোকে। কিন্তু সৰ্বশেষত সেই বক্তৃতা মোদীয়ে নিজেই প্ৰস্তুত কৰে। আৰটিআইখনত কোৱা হৈছে, “অনুষ্ঠান অনুযায়ী বক্তৃতা প্ৰস্তুত কৰা হয়। বিভিন্ন ব্যক্তি, বিষয়া, সংস্থা এই কামত জড়িত হৈ থাকে। তেওঁলোকেই বিভিন্ন ধৰণৰ তথ্য দিয়ে। আৰু অন্তত প্রধানমন্ত্রীয়ে নিজেই সেই বক্তৃতাটি প্ৰস্তুত কৰে।” অৱশ্যে কোনে লিখে বা কেনেদৰে মোদীৰ ভাষণ প্ৰস্তুত কৰা হয়, সেই সম্পৰ্কে জনালেও এই কামৰ বাবে সংশ্লিষ্ট সংস্থা বা কোনো ব্যক্তিক কিমান টকা দিয়া হয় সেই বিষয়ে জনোৱা হোৱা নাই।
প্রসঙ্গত উল্লেখ্য, ভাৰতৰ প্রধানমন্ত্রীসকলৰ ভিতৰত সুবক্তা হিচাবে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, অটল বিহাৰী বাজপেয়ীৰ যথেষ্ট সুনাম আছে। উক্ত তালিকাত ৰখা হয় নৰেন্দ্র মোদীকো। কিন্তু প্রত্যেক প্রধানমন্ত্রীৰ ক্ষেত্রতেই বহু সময়ত তথ্যৰ বাবে অন্যৰ সহায় লোৱা হয়। শুনা যায়, দেশৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৱে নিজৰ ভাষণ নিজেই লিখিছিল। কেৱল তথ্যৰ বাবে প্রয়োজনত অন্যৰ সহায় লৈছিল।










