![]()
নিউজ ডেস্কঃ
বুধবাৰে পুৱা পর্যন্ত কোভিড আক্রান্তৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হ’ল ১ লাখ ৫৭ হাজাৰ ৩৪৬। আনহাতে, নতুনকৈ ১৪ হাজাৰ ৯৮৯ জনৰ দেহত সংক্রমণ ধৰা পৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৩ মার্চ পর্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১.৭ লাখ। অৱশ্যে দেশজুৰি সুস্থ্যতাৰ হাৰ ৯৭.০৬ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪১ শতাংশ।
ইফালে আইচিএমআৰৰ তথ্য মতে, ২ মার্চ পর্যন্ত নমুনা পৰীক্ষা হৈছে ২১ কোটি ৮৪ লক্ষ ৩ হাজাৰ ২৭৭। নতুনকৈ কোভিডত প্রাণ হেৰুওৱা ৯৮ জনৰ ভিতৰত মহাৰাষ্ট্রত ৫৪, কেৰালাত ১৬ আৰু পঞ্জাবত প্রাণ হেৰুৱাইছে ১০ জনে।
দেশত এতিয়ালৈকে সকলোতকৈ বেছি কোভিডত মৃত্যু হৈছে মহাৰাষ্ট্রত (৫২,২৩৮ জন)। ইয়াৰ পিছতেই আছে তামিলনাডু আৰু কর্নাটক। অৱশ্যে স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে মুঠ মৃত্যুৰ ৭০ শতাংশই ঘটিছে কোভিডৰ লগতে আগৰে পৰাই জটিল ৰোগত আক্রান্ত হোৱাৰ কাৰণেই।










