![]()
নিউজ ডেস্কঃ
প্রথমশাৰীৰ কৰোনা যোদ্ধা হিচাবে টীকা গ্রহণৰ ক্ষেত্রত অগ্রাধিকাৰ পাইছিল। সেইমতে প্রথম ড’জ লৈছিল। কিন্তু ২৮ দিন পিছত দ্বিতীয় ড’জ লওঁতেই মৃত্যুৰ কোলাত ঢলি পৰিল মহাৰাষ্ট্রৰ ভিৱাণ্ডি জিলাৰ গাড়ীচালক সুখদেৱ কিৰদত। অৱশ্যে ঠিক কি কাৰণত তেওঁৰ মৃত্যু হৈছে, সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
জানিব পৰা মতে, ভিৱাণ্ডি জিলাৰ বাসিন্দা সুখদেৱে এজন চকু বিশেষজ্ঞৰ গাড়ীচালকৰ কাম কৰিছিল। যোৱা জানুৱাৰী মাহৰ ২৮ তাৰিখে তেওঁ প্রথম কৰোনা টীকা লৈছিল। ইয়াৰ পিছত ২৮ দিন পিছত মঙ্গলবাৰে তেওঁৰ টীকাৰ দ্বিতীয় ড’জ লোৱাৰ দিন আছিল। সেইমতে নির্দিষ্ট স্বাস্থ্য কেন্দ্রত টীকা ল’বলৈ যায় সুখদেৱে। কিন্তু টীকা লোৱাৰ ১৫ মিনিটৰ ভিতৰতেই জ্ঞান হেৰুৱায় তেওঁ। লগে লগে তেওঁক ইন্দিৰা গান্ধী মেমোৰিয়েল হস্পিটেললৈ লৈ যোৱা হয়। তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই সন্দৰ্ভত হস্পিটেলখনৰ চিকিৎসক কে আৰ খাৰাতে কয়, ‘তেওঁ এমাহ পূৰ্বে টীকা লৈছিল। তেতিয়া কোনো সমস্যা হোৱা নাছিল।’ অৱশ্যে গাড়ীচালকজন দীর্ঘদিন ধৰি ৰক্তচাপৰ সমস্যাত ভুগি অহা বুলি জানিব পৰা গৈছে। তেওঁৰ ভৰিৰ পতাও ফুলি গৈছিল। কিন্তু দ্বিতীয় টীকা দিয়াৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাত তেওঁৰ ৰক্তচাপ আৰু অক্সিজেনৰ মাত্ৰা জোখা হয়। ৰিপোর্ট স্বাভাৱিক অহাত তেওঁক টীকা দিয়া হয়৷
আনহাতে, টীকা লোৱাৰ পিছত ব্যক্তিজনৰ মৃত্যুক কেন্দ্ৰ কৰি সংশয় সৃষ্টি হৈছে চিকিৎসক মহলতো। অৱশ্যে টীকা লোৱাৰ লগত এই মৃত্যুৰ কোনো সম্পর্ক নাই বুলিও মত একাংশৰ। কিন্তু সঠিক কাৰণ জানিবলৈ পোষ্টমৰ্টেম ৰিপোৰ্টৰ অপেক্ষাত বিশেষজ্ঞসকল।










