![]()
নিউজ ডেস্কঃ
এটি ছয়বছৰীয়া সন্তান সন্ধানহীন হোৱাৰ অভিযোগ দিবলৈ আৰক্ষীৰ ওচৰলৈ গৈছিল আমেৰিকাৰ অ’হিও প্রদেশৰ মিডলটাউন চহৰৰ ব্রিচেনি গছনি আৰু তেওঁৰ প্ৰেমিক। ৰঙা চুলিৰ, চছমা পৰিহিত জেমছ হাচিছনক উদ্ধাৰ কৰিবলৈ চহৰৰ বিভিন্ন স্থানত পোষ্টাৰ লগায় আৰক্ষীয়ে, স্থানীয় লোকৰ সহায়ৰ বাবে আবেদনো জনায়। কিন্তু ঘটনাই সম্পূর্ণ অপ্রত্যাশিতভাৱে অন্য মোৰ লয়৷ আৰক্ষীৰ সন্দেহ হয়, ব্রিটেনি আৰু তেওঁৰ ৪২ বছৰীয়া প্ৰেমিকে মিছা মাতিছে। বৰং তেওঁলোকেই হত্যা কৰিছে নিষ্পাপ শিশুটিক।
আৰক্ষীৰ ৰিপোর্টত প্ৰকাশ পায়, শিশু সন্তানটিক পৰিত্যাগ কৰাৰ পৰিকল্পনা কৰিছিল ব্রিটেনিয়ে। সেয়ে পার্কত হাচিছনক গাড়ীৰে চেপি মাৰি পেলায় তেওঁক। ইয়াৰ পিছত তেওঁ প্ৰেমিকৰ সহায়ত শিশুটিৰ মৃতদেহ নদীত পেলাই দিয়ে ব্রিটেনিয়ে। তেওঁৰ বিৰুদ্ধে হত্যা আৰু প্রমাণ নষ্ট আৰু প্ৰেমিক হেমিল্টনৰ বিৰুদ্ধে প্রমাণ নষ্ট কৰাৰ গোচৰ তৰিছে আৰক্ষীয়ে। নাৰকীয় এই ঘটনাত মিডলটাউন চহৰৰ ৪৮,০০০ মানুহ শিয়ৰি উঠিছে। কেইবা দিনো ধৰি তেওঁলোকৰ মুখত কেৱল এই ঘটনাৰে চর্চা।
উল্লেখ্য, ব্রিটেনি আৰু হেমিল্টনৰ দায়িত্বত আছিল আৰু দুটি শিশু। এই শিশু দুটি তেওঁলোকৰ পৰা আঁতৰাই লৈ গৈছে চৰকাৰী কর্তৃপক্ষই।










