![]()
নিউজ ডেস্কঃ
ত্রিপুৰাৰ বাঁহ-বেতৰ কাৰুকাৰ্য দৃষ্টি আকৰ্ষক। ৰাজ্যত বর্তমান ২১ প্রজাতিৰ বাঁহ পোৱা যায়। ত্রিপুৰাত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই বাঁহভিত্তিক কামৰ আদৰ আৰু বৃদ্ধি পাইছে। ইতিমধ্যে বাঁহেৰে তৈয়াৰী বটলে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জৰিয়তে বিদেশতো প্রচাৰ পাইছে। এইবাৰ বাঁহ-বেতৰ শিল্পৰে সু-সজ্জিত হৈ উঠিবলৈ আগবাঢ়িছে ৰাষ্ট্রপতি ভৱনো। প্রধানমন্ত্রীৰ দপ্তৰসহ বহু সাংসদৰ কাৰ্যালয়ো একেদৰে সু-সজ্জিত হৈ উঠিব বুলি সূত্ৰৰ খবৰ। প্রত্যেকটো কোঠালিত থাকিব বাঁহেৰে নিৰ্মিত বিভিন্ন ধৰণৰ সামগ্ৰী।
কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ হেভিৱেইট নেতা নীতিন গাডকাৰিয়ে এই আশ্বাস দিছে ত্রিপুৰাৰ সাংসদ ৰেৱতী ত্রিপুৰাক। গাডকাৰীৰ মতে, প্রধানমন্ত্রীৰ ‘ভোকেল ফৰ লোকেল’ আহ্বানক সমৃদ্ধ কৰিব বাঁহ-বেতৰ এই কাৰুকাৰ্যই। তেওঁ লগতে জনায়, ত্রিপুৰাত আন্তর্জাতিক বিমানবন্দৰতো বাঁহ-বেতৰ ইন্টেৰিয়ৰ ডিজাইনৰ কাম ইতিমধ্যে প্রায় শেষ হ’বলৈ আগবাঢ়িছে। ফলত সকলো মিলাই ত্রিপুৰাৰ বাঁহ-বেতৰ শিল্পই পুনৰ এবাৰ সকলোকে চমক দিবলৈ প্রস্তুতি চলাইছে।










