![]()
নিউজ ডেস্কঃ
১২ মহলাৰ বাৰান্দাত ওলমিছে এটা শিশু। তাকো বয়স মাত্র দুই বছৰ। প্ৰত্যক্ষ কৰি প্রতিবেশীৰ হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম। তাৰ পিছতেই আহিল ক্লাইমেক্স। তাকো ভয়ঙ্কৰ, শিহৰণকাৰী। সৰু হাত পিচলি গ’ল। প্রত্যক্ষদর্শীৰ তেতিয়া চকু কপালত। তাৰ পিছত?
কোৱা হয়, ৰাখে হৰি মাৰে কোনে! প্রাণ বাচিল শিশুটিৰ। শূন্যৰ পৰা নামি অহা শিশুটিক আলফুলে ধৰিলে এজন ডেলিভাৰী বয়ে। সেই ভিডিও এতিয়া ভাইৰেল। ঘটনাটো ভিয়েটনামৰ হানই চহৰৰ।
জানিব পৰা মতে, শিশুটি যেতিয়া ১২ মহলাৰ বাৰান্দাত ওলমিছিল, তেতিয়া এখন ট্রাকত এলাকাটোত বস্তু ডেলিভাৰী কৰিবলৈ আহিছিল ডেলিভাৰী বয়জন। হঠাৎ তেওঁ ওপৰলৈ চাই দেখা পায়, এটি শিশু বাৰান্দাত ওলমিব লৈছে। লগে লগে তেওঁ গাড়ীৰ পৰা নামি আহে। ঠিক সেই সময়তেই হাত পিচলি শিশুটি তলত পৰি যায়।
তেতিয়াই হাত পাতি ধৰে যুৱকজনে। যুৱকজনে জনোৱা মতে, ‘গাড়ীৰ ভিতৰৰ পৰাই এটি শিশুৰ কান্দোনৰ শব্দ শুনিবলৈ পাওঁ। লগে লগে গাড়ীৰ পৰা নামি আহো। কিন্তু ওচৰে-পাজৰে কোনো শিশু নথকাত বুজিব পাৰো, শব্দটো ওপৰৰ পৰা আহিছে। ওপৰলৈ চাই দেখো শিশুটি তাত ওলমি আছে। ঠিক কৰো, তাক বচাব লাগিব।’
শিশুটিয়ে সামান্য আঘাত পাইছে। বেছি একো হোৱা নাই। কিন্তু সাংঘাটিক ভয় খাইছে দুবছৰীয়া কন্যা শিশুটিয়ে। সেয়ে হস্পিটেলত ভর্তি কৰোৱা হৈছে।










