![]()
নিউজ ডেস্কঃ
কেইদিনমান পূৰ্বে এছিয়াৰ ধনীতম ব্যক্তিৰ উপাধি পুনৰ লাভ কৰিছে। এইবাৰ ‘হুৰুন গ্লোবেল ৰিচ্চ লিষ্ট’ অনুযায়ী বিশ্বৰ ধনকুবেৰসকলৰ তালিকাত আঠ নম্বৰ স্থান অধিকাৰ কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ কর্ণধাৰ মুকেশ আম্বানিয়ে। বিগত বছৰ তেওঁ এই তালিকাত ৯ নম্বৰত আছিল। যোৱা বছৰৰ হিচাবত তেওঁৰ সম্পত্তিৰ মুঠ পৰিমাণ ২৪ শতাংশ বৃদ্ধি পাইছে বুলি তালিকাখনৰ পৰা জানিব পৰা গৈছে।
‘হুৰুন’ৰ এক বিবৃতিত আম্বানিৰ এই সাফল্য সম্পর্কে জনোৱা হৈছে যে দেশৰ ৰপ্তানিৰ ৮ শতাংশই হয় ৰিলায়েন্সৰ মাধ্যমেৰে। তেওঁলোকেই দেশৰ সৰ্ববৃহৎ ৰপ্তানিকাৰী। শুল্ক আৰু আবকাৰী শুল্কৰ পৰা ভাৰতৰ মুঠ আয়ক ৫ শতাংশই ৰিলায়েন্সে দিয়ে।

‘হুৰুন’ৰ তালিকাত আম্বানিৰ উপৰি স্থান লাভ কৰিছে ভাৰতৰ আৰু তিনিজন ধনকুবেৰে। তেওঁলোক হ’ল গৌতম আদানি, শিৱ নাডাৰ আৰু লক্ষ্মী মিট্টল। তেওঁলোকে তালিকাত যথাক্রমে ৪৮, ৫৮ আৰু ১০৪ নম্বৰ স্থান লাভ কৰিছে। তালিকাৰ মুঠ হিচাব অনুযায়ী ভাৰতত বিলিয়নিয়াৰৰ সংখ্যা ১৭৭। যিটো যোৱা বছৰৰ তুলনাত আৰু ৪০জন বেছি। সকলো মিলাই ধনকুবেৰৰ সংখ্যাৰ হিচাবত ভাৰত বিশ্বৰ ভিতৰত তিনি নম্বৰ স্থানত আছে। তালিকা অনুযায়ী, দেশৰ ভিতৰত সকলোতকৈ বেছি বিলিয়নিয়াৰ আছে মুম্বাইত (৬১)। তাৰ পিছতেই তালিকাত আছে দিল্লীৰ নাম, বিলিয়নিয়াৰৰ সংখ্যা ৪০। তালিকাৰ শীর্ষস্থানত আছে টেছলা আৰু স্পেচ এক্সৰ চিইও ইলন মাস্ক। দ্বিতীয় স্থানত আছে এমাজনৰ প্রতিষ্ঠাতা জেফ বেজোছ।










