![]()
নিউজ ডেস্কঃ
পশ্চিমবংগত বিজেপি চৰকাৰ হ’লে ২৪ ঘণ্টাত বন্ধ হ’ব গো-হত্যা, গৰু সৰবৰাহ। মালদাহৰ গাজোলৰ সভাৰ পৰা এই নিৰ্বাচনী প্রতিশ্রুতি যোগী আদিত্যনাথৰ। আনহাতে, বংগত দুর্গাপূজাৰ অনুমতি নিদিয়ে, কিন্তু মহৰমৰ শোভাযাত্রাৰ অনুমতি দিয়াৰো অভিযোগ আদিত্যনাথৰ। এই অনৈতিক আচৰণ বন্ধ কৰিব বিজেপি চৰকাৰে। বংগত এই অৰাজকতা বন্ধ কৰিবলৈ বিজেপি চৰকাৰ গঠন কৰিব লাগিব বুলি সমর্থকসকলক আহ্বান জনায় যোগী আদিত্যনাথে।










