![]()
নিউজ ডেস্কঃ
কৰোনাকালত নিত্যপ্রয়োজনীয় বস্তুৰ মূল্য মাত্রাধিক হাৰত বাঢ়িছে। ইন্ধনৰ উপৰি খোৱাতেলৰ মূল্যও ক্রমে যেন আকাশ চুবলৈ আগবাঢ়িছে। বিগত কেইবা মাহত খোৱাতেলৰ মূল্য প্রায় ৬০ শতাংশ বাঢ়িছে বুলি জনাইছে এটি সমীক্ষাৰ ৰিপোর্টত।
সম্প্রতি এক সমীক্ষাৰ পৰা জানিব পৰা মতে, বিগত প্রায় ১০ মাহ আগতে ২০২০ চনৰ এপ্রিলত গ্রেড-১ সূর্যমুখী তেলৰ এক লিটাৰৰ মূল্য আছিল ৯০ টকা। কৰোনা পৰৱর্তী সময়ত সেই মূল্য হৈছে ১৪০ টকা। বাদাম তেল আৰু পাম অইলৰ মূল্যও বিগত ১০ মাহ পূর্বে যথাক্রমে ৯৫ আৰু ৭৫ টকাকৈ আছিল। এতিয়া সেই মূল্য বৃদ্ধি পাই হৈছে ১৫০ আৰু ১১৫ টকা।
সমীক্ষাৰ ৰিপোর্টত লগতে এইটোও জনোৱা হৈছে যে যি হাৰত মূল্যবৃদ্ধি হৈছে তাৰ ফলত আগন্তুক তিনি মাহত এই দাম আৰু ৩০ টকা বাঢ়িব পাৰে। সমীক্ষাটোৰ প্ৰতিবেদনত দাবী কৰা হৈছে, বর্তমান সময়ত ভাৰতৰ বজাৰত প্রায় ২ কোটি টন পাম, এক কোটি টন সূর্যমুখী আৰু ২ কোটি টন বাদাম তেলৰ ঘাটি দেখা দিছে।
ইয়াৰ প্রধান কাৰণ হ’ল, মালয়েছিয়া, ইণ্ডোনেছিয়াসহ বিশ্বৰ অন্যান্য যিবোৰ দেশৰ পৰা ইমান দিনে ভাৰতে খোৱাতেল আমদানি কৰিছিল, সেই দেশবোৰৰ পৰা তেল ৰপ্তানি বন্ধ হৈছে। আনহাতে, কৰোনা পৰিস্থিতিৰ বাবে ভাৰততো উৎপাদন বন্ধ। কৃষকসকলৰ মাজৰ বহুতেই আকৌ খোৱাতেলৰ বাবে ফচল উৎপাদন কৰিব বিচৰা নাই। যাৰ ফলত অস্বাভাৱিক হাৰত বৃদ্ধি পাই গৈছে খোৱাতেলৰ মূল্য।










