![]()
নিউজ ডেস্কঃ
স্পেকট্রামৰ এক অংশ ক্ৰয় কৰিলে এয়াৰটেলে। সোমবাৰে নিলামত ৪জি স্পেকট্রামৰ এক বৃহৎ অংশ ১৮ হাজাৰ ৬৯৯ কোটি টকাত ক্ৰয় কৰিলে এয়াৰটেলে। যাৰ ফলত আৰু প্ৰায় ৯ কোটি গ্রাহকৰ ওচৰ চাপিব পাৰিব এয়াৰটেল। আগন্তুক দিনত আৰম্ভ কৰিব পাৰিব ৫জি সেৱা।
এয়াৰটেলে জনোৱা মতে, স্পেকট্রামৰ ৩৫৫.৪৫ মেগা হার্টজ অংশ অধিগ্রহণ কৰিছে কোম্পানীটোৱে। যাৰ ফলত প্রত্যন্ত গাঁৱতো উপলব্ধ হ’ব এয়াৰটেল। লাভ কৰিব হাইস্পিড ইন্টাৰনেট সেৱা।
এয়াৰটেলৰ হৈ গোপাল ভিট্টলে জনাইছে, ‘আমি অতি উচ্ছ্বসিত। ইয়াৰ ফলত আমি আৰু প্ৰায় ৯ কোটি গ্রাহকক সেৱা আগবঢ়াব পাৰিম। আগন্তুক দিনত ৫জি সেৱা দিয়াৰ দিশে এখোজ আগুৱালো আমি।’










