![]()
নিউজ ডেস্কঃ
এইবাৰ এমাজনৰ বিৰুদ্ধে উঠিল বর্ণবৈষম্যৰ দৰে গুৰুতৰ অভিযোগ। কোম্পানীটোৰ এগৰাকী মহিলা মেনেজাৰে বর্ণবৈষম্যৰ দৰে গুৰুতৰ অভিযোগত গোচৰ তৰিলে এমাজনৰ বিৰুদ্ধে। তেওঁৰ অভিযোগ, যিসকলৰ গাৰ ৰং ক’লা তেওঁলোকক নিম্ন পদত নিয়োগ কৰা হয়। কোম্পানীটোৰ বিভিন্ন কামত যিসকল কৃষাঙ্গ নিয়োজিত তেওঁলোকক বিভিন্ন কামত লাহে লাহে পদোন্নতি দিয়া হয়। কিন্তু শ্বেতাঙ্গসকলক কোম্পানীটোৰ কামত বহু বেছি প্রাধান্য দিয়া হয় আৰু পদোন্নতিও দিয়া হয় সোনকালে। কৃষাঙ্গ হোৱাৰ কাৰণেই তেওঁকো অপদস্থ কৰা হৈছিল। অৱশ্যে কোম্পানীটোৰ প্রাক্তন চিইও জেফ বেজোছে সকলো সময়তেই দাবী কৰিছিল যে বৰ্ণবৈষম্যৰ বিৰুদ্ধে তেওঁলোকে যুঁজে। এমাজনৰ দৰে কোম্পানীত কোননো ধৰণৰ বর্ণবিদ্বেষকমূলক কাম নহয় বা এই ধৰণৰ কোনো কামকে তেওঁলোকে সমর্থন নকৰে।
কিন্তু বাস্তৱত দেখা গৈছে তাৰ সম্পূৰ্ণ বিপৰীত ছবি। মহিলা মেনেজাৰগৰাকীৰ আৰু অভিযোগ, কোম্পানীটোৰ ভিতৰত বেছিভাগ সময়তেই তেওঁ পুৰুষ সহকর্মীসকলৰ পৰা যৌন নিৰ্যাতনৰ মুখামুখী হ’বলগা হয়। এমাজনৰ বিৰুদ্ধে উঠা এই অইযোগক লৈ ইতিমধ্যে সমগ্ৰ বিশ্বত আলোড়ন সৃষ্টি হৈছে। বিভিন্ন মহলত সমালোচনাও হৈছে এমাজনৰ আভ্যন্তৰীণ এই বিষয়বোৰক লৈ। অৱশ্যে এমাজনৰ তৰফৰ পৰা বর্ণবৈষম্যৰ অভিযোগ কিম্বা যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই। বৰং কোম্পানীটোৱে কৈছে যে কর্মচাৰীসকলৰ পদোন্নতি দিয়া হৈছে প্রত্যেকৰে কামৰ ওপৰত ভিত্তি কৰি।










