![]()
নিউজ ডেস্কঃ
নির্জন পথত নিঃসঙ্গ মহিলাসকল আছিল তাৰ চিকাৰ। ৰাস্তাৰ কাষত খাপপিটি বহি থাকে সি। চিকাৰ হাতত লাগিলেই হাবিলৈ টানি নি কৰে ধর্ষণ! বহু ধর্ষণৰ ঘটনাত জড়িত সেই ‘ছিৰিয়েল ৰেপিষ্ট’ক সোমবাৰে গ্রেপ্তাৰ কৰে উত্তৰ প্রদেশ আৰক্ষীয়ে।
গ্রেটাৰ নয়ডাৰ উপ-আৰক্ষী আয়ুক্ত বৃন্দা শুক্লাই জনাইছে, গোপন সূত্রৰ খবৰ পাই সূৰযপুৰত তালাচী অভিযান চলায় আৰক্ষীয়ে। তেওঁলোকক দেখা পাই পলোৱাৰ চেষ্টা কৰে অভিযুক্তই। আৰক্ষীক লক্ষ্য কৰি গুলীও চলায়। আৰক্ষীয়ে ওলোটাই গুলী চলোৱাত অভিযুক্তৰ ভৰিত লাগে। আঘাতপ্ৰাপ্ত অৱস্থাত গ্রেপ্তাৰ কৰা হয় অভিযুক্তক।
শুক্লাই লগতে জনায়, যোৱা ২৫ ফেব্রুয়াৰীত এটি ধর্ষণৰ অভিযোগ দাখিল হয় সূৰযপুৰ থানাত। তদন্ত আৰম্ভ কৰাৰ পিছত জানিব পৰা যায়, অভিযুক্তৰ বিৰুদ্ধে একাধিক ধর্ষণৰ অভিযোগ আছে। যাৰ বেছিভাগেই ২০১৯ চনৰ। সেই সময়ত অভিযুক্তক গ্রেপ্তাৰো কৰা হৈছিল। যোৱা ফেব্রুৱাৰীত সি জামিনত মুক্তি পাইছিল। তাৰ কেইদিনমানৰ ভিতৰতেই ৪টা ধর্ষণৰ ঘটনা পোহৰলৈ আহে। এই ঘটনাৰ সৈতে পূৰ্বৰ ঘটনাৰ সংযোগ বিচাৰি পোৱাৰ লগে লগেই অভিযুক্তক ধৰিবলৈ এটি বিশেষ দল গঠন কৰা হয়।
প্রথমতে হামিৰপুৰত অভিযুক্তৰ ঘৰত তালাচী চলায় আৰক্ষীয়ে। কিন্তু তাত তাৰ সন্ধান লাভ নকৰে। ইয়াৰ পিছত গোপন সূত্রৰ খবৰৰ ভিত্তিত গ্রেটাৰ নয়ডাৰ সূৰযপুৰৰ পৰা অভিযুক্তক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্তৰ পৰা এটি দেশীয় পিষ্টল আৰু গুলী উদ্ধাৰ কৰা হৈছে।










