![]()
নিউজ ডেস্কঃ
কৰোনাৰ সময়ত যাতে দেশৰ অর্থনীতি সুস্থিৰ হৈ থাকে তাৰ বাবে ইন্ধনজাত সামগ্ৰীৰ ওপৰত দুবাৰ কৰ বৃদ্ধি কৰিছিল কেন্দ্রই। সূত্রৰ খবৰ মতে, কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে পেট্র’ল–ডিজেলৰ ওপৰত শুল্ক কমোৱাৰ কথা চিন্তা কৰিছে। উল্লেখ্য, দেশত পেট্র’ল–ডিজেলৰ পাইকাৰী মূল্যৰ ৬০ শতাংশ হৈছে শুল্কৰ অন্তর্গত। এতিয়া এই শুল্ক কমোৱাৰ ক্ষেত্রত তেল কোম্পানীবোৰৰ সৈতে আলোচনাত মিলিত হৈছে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকল। লগতে প্রতিখন ৰাজ্য চৰকাৰৰ সৈতেও আলোচনা চলিছে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ। যদি এই শুল্ক কিছু কমোৱা সম্ভৱ হয় তেন্তে মার্চ মাহৰ মাজৰ পৰা ইন্ধনৰ মূল্য কিছু কমিব পাৰে বুলি অনুমান কৰিছে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে।










