![]()
নিউজ ডেস্কঃ
দুই প্রতিবেশী দেশ তথা আজন্ম শত্ৰু ভাৰত-পাকিস্তানৰ উদ্দেশ্যে শান্তিৰ বার্তা দিলে মালালা ইউছুফজাই। দেওবাৰে জয়পুৰ সাহিত্য উৎসৱত ভাৰ্চুৱেল অনুষ্ঠানত যোগ দিয়ে নোবেল শান্তি পুৰস্কাৰ বিজয়ী মালালাই। তাত তেওঁ কয়, “আপুনি ভাততীয়, মই পাকিস্তানী। আৰু আমি আমাৰ মতে ভালে আছো। তেনেহ’লে ইমান বিদ্বেষ কিয়? সীমান্ত, বিভাজন আৰু বিভাজনৰ মাধ্যমেৰে পৃথক কৰি জয় কৰা- এইবোৰ পুৰণি দর্শনে এতিয়া আৰু কাম নকৰে। মানুহ হিচাবে আমি সকলোৱেই শান্তিত থাকিব বিচাৰো। ভাৰত আৰু পাকিস্তানৰ আচল শত্রু হ’ল– দাৰিদ্র্য, বৈষম্য আৰু অসমতা। নিজৰ মাজত যুঁজ কৰি নাথাকি দুই দেশে এই শত্রুবোৰৰ বিৰুদ্ধে যৌথভাবে যুঁজত নমা উচিত। আমি বিচাৰো ভাৰত আৰু পাকিস্তানক প্রকৃত বন্ধু হিচাবে চাবলৈ। ”










