![]()
নিউজ ডেস্কঃ
পুনৰ বিতর্কত অভিনেত্রী কঙ্গনা ৰানাৱাত। জামিনযোগ্য গ্রেপ্তাৰী পৰোৱানা জাৰি হ’ল বলিউডৰ ‘কুইন’ৰ বিৰুদ্ধে। বর্ষীয়ান গীতিকাৰ জাভেদ আখতাৰে কঙ্গনাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰৰ ভিত্তিতে তেওঁক আন্ধেৰিৰ এখন নিম্ন আদালতত উপস্থিত হোৱাৰ নির্দেশ দিয়া হৈছিল।
কিন্তু সোমবাৰে নির্দিষ্ট দিনত উপস্থিত নথকাৰ বাবে কঙ্গনাৰ বিৰুদ্ধে জাৰি হ’ল গ্রেপ্তাৰী পৰোৱানা।যোৱা ১ ফেব্রুৱাৰীত কঙ্গনাৰ বিৰুদ্ধে চমন জাৰি কৰিছিল মেজিষ্ট্ৰেতে। সেই চমন অনুযায়ীটেই তেওঁক ১ মার্চত উপস্থিত থাকিবলৈ কোৱা হয়। কিন্তু উক্ত নির্দেশ অমান কৰে অভিনেত্রীগৰাকীয়ে।
উল্লেখ্য, নৱেম্বৰ মাহত এই গোচৰটি ৰুজু কৰিছিল জাভেদ আখতাৰে। তেওঁৰ বিৰুদ্ধে এটি আপত্তিজনক মন্তব্য কৰাৰ বাবে তেওঁ অভিনেত্রীগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল। তেওঁৰ দাবী আছিল, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক টেলিভিছনত তেওঁৰ বিৰুদ্ধে মন্তব্য কৰিছিল কঙ্গনাই। ইয়াৰ পিছত জানুৱাৰী মাহত এই গোচৰত নিজৰ ভাষ্য ৰেকর্ড কৰায় জাভেদ আখতাৰে।










